দিপাংক নাথ,দিব্যজ্যোতিৰ বিজেপিত যোগদান নিশ্চিত, সেউজ সংকেতৰ অপেক্ষাত কমল

ইটোৰ পাছত সিটো দল বাগৰি ফুৰা কমল মেধিক বিজেপিৰ নেতৃত্বই দললৈ কেনেদৰে আদৰিব তাক লৈয়ো দলটোৰ একাংশ নেতাৰ মাজত তুমূল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
দিপাংক নাথ,দিব্যজ্যোতিৰ বিজেপিত যোগদান নিশ্চিত, সেউজ সংকেতৰ অপেক্ষাত কমল

ডিজিটেল ডেস্ক : বুধবাৰে বিজেপিত যোগদান কৰিব জাতীয়তাবাদী শিবিৰৰ কেইবাগৰাকী নেতাই। বিজেপিৰ শীৰ্ষ সূত্ৰই জানিব দিয়ামতে আছুৰ প্ৰাক্তন নেতা দিব্যজ্যোতি মেধিসহ তেওঁৰ ৩০০ সমৰ্থকে যোগদান কৰিব বিজেপিত।

Advertisment

আছুৰ প্ৰাক্তন সভাপতি দিপাংক নাথেও বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱণা আছে। অৱশ্যে আছুৰ নেতাগৰাকীয়ে বিজেপিত যোগদান কৰাৰ পূৰ্বে দিয়া কিছু চৰ্ত বিজেপিৰ নেতৃত্বই কি ধৰণে পূৰণ কৰে তাক লৈহে যোগদানৰ বিষয় নিৰ্ভৰ কৰিছে।

চৰ্চাত আছে আন এজনৰ নাম। ইতিমধ্যে আপ, ৰাইজৰ দল,কংগ্ৰেছ আদি দলত যোগদান কৰি বৰ্তমান নিষ্ক্ৰিয় হৈ থকা একালৰ কৃষক মুক্তিৰ নেতা কমল মেধিয়েও বিজেপিত যোগদান কৰিব বুলি চৰ্চা হৈছে।

অসমীয়া প্ৰতিদিন ডিজিটেলে লাভ কৰা খবৰ অনুসৰি কমল মেধিৰ এই যোগদানত সেউজ সংকেত দিয়া নাই আৰএছএছে। সেয়েহে তেওঁৰ বিজেপিত যোগদানৰ সম্ভাৱণা অনিশ্চিয়তাত আছে। ৰাজ্যিক বিজেপিৰ নেতৃত্বইও তেনে সম্ভাৱণা নুই কৰিছে।

কমল মেধিৰ ঘনিষ্ঠ সূত্ৰই জানিব দিয়া মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ চলি আছে তেওঁৰ। অচিৰেই বিজেপিত যোগদান নিশ্চত কমল মেধিৰ। অৱশ্যে ইটোৰ পাছত সিটো দল বাগৰি ফুৰা কমল মেধিক বিজেপিৰ নেতৃত্বই দললৈ কেনেদৰে আদৰিব তাক লৈয়ো দলটোৰ একাংশ নেতাৰ মাজত তুমূল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, কংগ্ৰেছ,আপ,ৰাইজৰ দলকে ধৰি কেইবাটাও ৰাজনৈতিক দলত ইতিমধ্যে কমল মেধিয়ে যোগদান কৰি এই দলৰ পৰা ওলাই আহিছিল।

Also Read: যোৰহাটত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি

himanta biswa sarma bjp aasu DIPANKA KUMAR NATH KAMAL MEDHI