যোৰহাটত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি

অধিৱেশন প্ৰাংগনত অনুষ্ঠিত হ'ব গ্ৰন্থ আৰু বাণিজ্য মেলা,প্ৰকাশ পাব স্মৃতিগ্ৰন্থ
যোৰহাটত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি

ডিজিটেল সংবাদ,যোৰহাট : আহোম ৰাজত্বৰ শেষ ৰাজধানী তথা অসমৰ সাংস্কৃতিক ৰাজধানী খ্যাত যোৰহাট নগৰৰ মাজমজিয়াত অৰ্থাৎ পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ষেত্ৰ, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত "সদৌ অসম আহোম সভাৰ ৬৩ সংখ্যক ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন"খনি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। আয়োজক সমিতিয়ে জনোৱা অনুসৰি, অহা ৫, ৬ আৰু ৭ জানুৱাৰীত কেন্দ্ৰীয় অধিৱেশনখনি বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ যোৰহাট জিলা আহোম সভাৰ আতিথ্যত অনুষ্ঠিত হ'ব।

ইতিমধ্যে অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি চলি থকা অধিৱেশনৰ মূল আকৰ্ষণীয় দস্তাবেজৰূপে চাও প্ৰণৱ বৰপাত্ৰগোঁহাই সম্পাদনাত "ছঙ-ছূ-কাত" শিৰোনামৰ প্ৰায় পাঁচ শতাধিক পৃষ্ঠাৰ বৃহৎ কলেবৰৰ এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ পাব। উক্ত অধিৱেশনৰ কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৯ বজাত অনুষ্ঠিত হ'ব বন্তি প্ৰজ্বলন অনুষ্ঠান।

বন্তি প্ৰজ্বলন কৰিব উদযাপন সমিতিৰ সভাপতি মানচাও বিমলা প্ৰসাদ বৰুৱাই। ১০-৩০ বজাত প্ৰতিনিধি পঞ্জীয়ন। ১১-০০ বজাত বিপণী উদ্বোধনী অনুষ্ঠান আৰু উদ্বোধন কৰিব যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই।

১১-৩০ বজাত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা। ইফালে সন্ধিয়া ৬-০০ বজাত অনুষ্ঠিত হ'ব শিবিৰ মুকলি অনুষ্ঠান। অধিৱেশনৰ দ্বিতীয় দিনা পুৱা ৯ বজাত পতাকা উত্তোলন অনুষ্ঠান আৰু পতাকা উত্তোলন কৰিব সদৌ অসম আহোম সভাৰ সভাপতি মানচাও উমাকান্ত কোঁৱৰে।

পুৱা ৯-৩০ বজাত পুলিন-পুথাওসকলক তৰ্পণ অনুষ্ঠান আৰু তৰ্পণ কৰিব আহোম ৰাজ পৰিয়ালৰ পৰিনাতি মানচাও আলোক নাৰায়ণ সিংহই। পুৱা ১০ বজাত মৈদাম তৰ্পণ অনুষ্ঠান আৰু তৰ্পণ কৰিব সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক চাও প্ৰাঞ্জল ৰাজকোঁৱৰে।

পুৱা ১০-৩০ বজাত পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ষেত্ৰ উদ্বোধনী অনুষ্ঠান আৰু এই ক্ষেত্ৰ উদ্বোধন কৰিব যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। পুৱা ১০-৪৫ বজাত টাই পণ্ডিত পৰিষদ আৰু ম'লুং সকলৰ দ্বাৰা ফুৰালুং অনুষ্ঠান।

বিয়লি ১-০০ বজাত মূল প্ৰতিনিধি সভা আৰু সন্ধিয়া ৫-৩০ বজাত অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আৰু এই অনুষ্ঠানটি উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই লগতে উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক পদ্মভূষণ জাহ্নু বৰুৱা আৰু উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ড০ প্ৰসন্ন গগৈ।

আনহাতে অধিৱেশনৰ অন্তিম দিনা পুৱা ৯-৩০ বজাত অনুষ্ঠিত হ'ব অধিৱেশনৰ মূল আকৰ্ষণীয় অনুষ্ঠান সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰা উদ্বোধন কৰিব যোৰহাট লোকসভা সমষ্টিৰ সাংসদ মানচাও তপন কুমাৰ গগৈয়ে। ইয়াৰ পাছতে পুৱা ১১-০০ বজাৰ পৰা অনুষ্ঠিত হ'ব অধিৱেশনৰ মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।

সদৌ অসম আহোম সভাৰ সভাপতি মানচাও উমাকান্ত কোঁৱৰে সভাপতিত্ব কৰিব লগীয়া মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, টাই আহোম উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইয়ে।

আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকিব অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰা, সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি বিবুল হাজৰিকা, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মানচাও বসন্ত গগৈ, সদৌ অসম মটক সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা। নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসমীয়া জাতীয় অভিধানৰ প্ৰধান সম্পাদক ড০ দেৱব্ৰত শৰ্মা।

অধিৱেশনৰ অন্যতম দস্তাবেজ হ'ল স্মৃতিগ্ৰন্থ উন্মোচন আৰু এই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য মানচাও অলক কুমাৰ বুঢ়াগোহাঁইয়ে। মুকলি সভাত সম্বৰ্ধনা জনাব লগীয়া সম্বৰ্দ্ধিত ব্যক্তিদ্বয় ক্ৰমে বিশিষ্ট টাই পণ্ডিত তিলেশ্বৰ মহন আৰু বিশিষ্ট টাই গৱেষক আৰু পণ্ডিত গণেশ চিংফৌ লাজংক।

বিয়লি ২-০০ বজাত প্ৰীতি ভোজ আৰু সন্ধিয়া ৫-০০ বজাত বন্তি প্ৰজ্বলনেৰে অধিৱেশনৰ সামৰণি পৰিব। অৱশ্যে অধিৱেশন প্ৰাংগনত আয়োজক সমিতিয়ে অধিৱেশনৰ দিনকেইটাত ৰাইজৰ সুবিধা হোৱাকৈ গ্ৰন্থমেলা, জনগোষ্ঠীয় খাদ্য আৰু বস্তুৰ বাণিজ্য মেলাও অনুষ্ঠিত হ'ব।

সেয়েহে এই মেলাৰ বিপণীসমূহ পঞ্জীয়ন কৰিবৰ বাবে বিক্ৰেতাসকলে শীঘ্ৰেই উদযাপন সমিতিৰ সহ সম্পাদক পাৰ্থ প্ৰতীম দুৱৰা ৭০০২৭৯০৭৯২ আৰু যোৰহাট জিলা আহোম সভাৰ সভাপতি পুলিন ফুকন ৯৪৩৫০৯৫৮৬৫ এই নম্বৰত বা ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰিব বুলি জনাইছে।

নাইবা অধিৱেশনৰ অস্থায়ী কাৰ্যালয় জয়া ভৱনলৈ গৈয়ো পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ উপৰি কুইজ প্ৰতিযোগিতাখনত যোগদান কৰিবৰ বাবে ইচ্ছুক সকলে ৯৭০৬২৫৯৩৩৪ অথবা ৬০০২৭৩৭৮১৫ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদযাপন সমিতি সভাপতি ড০ বিমলা প্ৰসাদ বৰুৱা আৰু সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে জনাইছে।

যোৰহাটত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি
মায়ঙৰ চনকা বনভোজথলীত অঘটন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in