সতীশ চৌধাৰী লৈ এড়ী স্পিনিং মেচিনৰ বাবে ২০২৪ বৰ্ষৰ দীনানাথ পাণ্ডে স্মাৰ্ট ইনোভেচন বঁটা

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তই সামৰণি অনুষ্ঠানত বিজয়ীক এই পুৰস্কাৰ প্ৰদান কৰে।
সতীশ চৌধাৰী লৈ এড়ী স্পিনিং মেচিনৰ বাবে ২০২৪ বৰ্ষৰ দীনানাথ পাণ্ডে স্মাৰ্ট ইনোভেচন বঁটা

ডিজিটেল সংবাদ,গুৱাহাটী : কামৰূপ জিলাৰ সাতপাখলিৰ সতীশ চৌধাৰীয়ে শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত এড়ী কাটিব পৰা সৌৰ মেচিনৰ বাবে দীনানাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইনোভেচন বঁটা, ২০২৪ লাভ কৰে। এই বঁটা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে নেশ্যনেল ইনোভেটিভ ফাউণ্ডেশ্যনৰ সহযোগত নেশ্যনেল কাউন্সিল অৱ চাইন্স মিউজিয়ামছৰ নৰ্থ ইষ্ট জ’ন মুখ্য কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা ইনোভেচন ফেষ্টিভেলত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত শ্ৰেষ্ঠ উদ্ভাৱকক প্ৰদান কৰা হয়।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৫০ জনতকৈ অধিক অংশগ্ৰহণকাৰীয়ে নিজৰ ব্যতিক্ৰমী চিন্তাধাৰাৰ প্ৰদৰ্শন কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তই সামৰণি অনুষ্ঠানত বিজয়ীক এই পুৰস্কাৰ প্ৰদান কৰে। মহন্তই বিজয়ী আৰু অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনায়।

তেওঁ বিশ্ববিদ্যালয়সমূহে উন্নত ভৱিষ্যতৰ বাবে এই পদক্ষেপসমূহৰ সৈতে সংযোগ স্থাপন কৰিব লাগে বুলিও পৰামৰ্শ দিয়ে। সতীশ চৌধুৰীয়ে মাতৃৰ পৰা অনুপ্ৰাণিত হৈ ‘সৰস্বতী’ নামেৰে সৌৰচালিত কঢ়িয়াই ফুৰিব পৰা এড়ী স্পিনিং মেচিনৰ বাবে এই বঁটা লাভ কৰে।

তেওঁ নিজৰ উদ্ভাৱনেৰে অঞ্চলটোৰ পৰম্পৰাগত এড়ী স্পিনিং সংস্কৃতিলৈ নতুন জীৱন কঢ়িয়াই অনাৰ চেষ্টা কৰিছে। তেওঁৰ পৰ্টেবল এড়ী ৰেচম স্পিনিং মেচিনটো কমপেক্ট, কামত মসৃণ আৰু ই সৌৰ পেনেলৰ দ্বাৰা ৰিচাৰ্জ কৰা বেটাৰীৰ দ্বাৰা চলাব পাৰি। ইয়াৰ বহুতো এৰগ’নমিক বৈশিষ্ট্য আছে যেনে- কম শব্দ, নবীনসকলে শিকিবলৈ বা বিশেষজ্ঞসকলে এচ কৰিবলৈ গতি নিয়ন্ত্ৰণ, আৰু এটা আকৰ্ষণীয় ডিজাইনত নিৰ্মিত। প্লাষ্টিকৰ গিয়াৰ চেট ব্যৱহাৰৰ বাবে ইয়াত কোনোধৰণৰ লুব্ৰিকেচনৰ প্ৰয়োজন নহয়।

নিজৰ উদ্ভাৱনেৰে মানুহৰ জীৱনশৈলী সলনি কৰিবলৈ চেষ্টা কৰা দীনানাথ পাণ্ডেৰ পৰিয়ালে এই বঁটাটো আগবঢ়ায়। এই উদ্ভাৱন মহোৎসৱে ২০১৫ চনৰ পৰা উত্তৰ-পূব অঞ্চলৰ সকলো ৰাজ্যৰ জনসাধাৰণক বিভিন্ন ক্ষেত্ৰত কাম কৰা যেনে উদ্ভাৱক, শিল্পী, পৰিবেশক, শিল্পকৰ্মী আৰু বিজ্ঞান প্ৰদৰ্শক আদিৰ লগতে নিজৰ সৃষ্টিশীলতাক প্ৰদৰ্শন কৰি এক উমৈহতীয়া মঞ্চ প্ৰদান কৰি আহিছে।

ননী গোপাল মহন্তই দীনানাথ পাণ্ডে আৰু বহুতকে অনুপ্ৰাণিত কৰা তেওঁৰ অভিনৱ কৰ্মৰাজিৰ কথা স্মৰণ কৰে। দীননাথ পাণ্ডেৰ পুত্ৰ শৈলেন্দ্ৰ পাণ্ডেই কয় যে, তেওঁলোকৰ পৰিয়ালটোৱে পিতৃৰ আদৰ্শক আগুৱাই নিব বিচাৰিছে।

'এয়া মোৰ পিতৃ দীননাথ পাণ্ডেৰ আদৰ্শক আগুৱাই নিয়াৰ প্ৰয়াস। তেওঁ জীৱনকালত বহুতক অনুপ্ৰাণিত কৰিছিল। এতিয়া, আমি তেওঁৰ চিন্তা-চৰ্চা বিয়পাব বিচাৰো। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী আৰু নেশ্যনেল ইনোভেটিভ ফাউণ্ডেশ্যনে আৰম্ভণিৰে পৰা আগবঢ়োৱা সহায়ৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে সকলো অংশগ্ৰহণকাৰীৰ প্ৰতিও মই কৃতজ্ঞ।’-এইদৰে কয় শৈলেন্দ্ৰ পাণ্ডেই।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে উদ্ভাৱন মহোৎসৱ উদ্বোধন কৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক স্মৃতি কুমাৰ সিনহাই, এনডি২৪ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা আৰু এনআইএফৰ পিণ্টু হাতীয়ে। সামৰণি অনুষ্ঠানত দীনানাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইনোভেচন এৱাৰ্ড পৰিয়ালৰ তৰফৰ পৰা মৰিগাঁৱৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বুবুমণি গোস্বামী, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱসৰপ্ৰাপ্ত ৰেঞ্জ অফিচাৰ মুকুল তামুলী আৰু ঈশান দৰ্পন কাকতৰ সম্পাদক সত্যধৰ মটকক সন্মান জনোৱা হয়।

উল্লেখ্য যে, মেঘালয়ৰ কেব চালক গৌতম গুৰুঙে যোৱা বছৰ দীনানাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইনোভেচন বঁটা লাভ কৰিছিল। গুৰুঙে এই বঁটা তেওঁৰ উদ্ভাৱন ‘অটোমেটিক কাৰ চেনিটাইজাৰ’ মডেলৰ বাবে লাভ কৰিছিল।

সতীশ চৌধাৰী লৈ এড়ী স্পিনিং মেচিনৰ বাবে ২০২৪ বৰ্ষৰ দীনানাথ পাণ্ডে স্মাৰ্ট ইনোভেচন বঁটা
সম্ভাৱনাময় যুৱকৰ দেহত জটিল ৰোগ : দুৰ্ভগীয়া পৰিয়ালে বিচাৰিছে সহায়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in