সম্ভাৱনাময় যুৱকৰ দেহত জটিল ৰোগ : দুৰ্ভগীয়া পৰিয়ালে বিচাৰিছে সহায়

যদি সহায় কৰিব বিচাৰে;তেন্তে HDFC Bank ৰ Account no: 50100509039843, IFSC: HDFC0004216 নম্বৰত সহায় আগবঢ়াব পাৰিব বুলি পৰিয়ালৰ লোকে জনাইছে
সম্ভাৱনাময় যুৱকৰ দেহত জটিল ৰোগ : দুৰ্ভগীয়া পৰিয়ালে বিচাৰিছে সহায়

ডিজিটেল সংবাদ,নগাঁও : জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী নগাঁও জিলাৰ পুৰণিগুদাম নলবৰা গাঁৱৰ এজন উদীয়মান যুৱক। দীলিপ বৰা আৰু দীপা বৰাৰ বৰপুত্ৰ উত্তম বৰাৰ দেহত ধৰা পৰিছে জটিল ৰোগ।

অতি দৰিদ্ৰ পৰিয়ালটোক বৰ্তমান প্ৰয়োজন ৰাইজৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহানুভূতি। পৰিয়ালৰ লোকে জনোৱামতে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ উত্তম বৰাই ঘৰ চলোৱাৰ বাবে হায়দৰাবাদত এটি কোম্পানীত কৰ্মৰত হৈ আছিল। কিন্তু শেহতীয়াকৈ উত্তমৰ শাৰীৰিক অৱস্থা অতি শোচনীয় হোৱাত পুৰণিগুদামৰ নিজ বাসগৃহলৈ উভতি আহে।

অতি কষ্টৰে উপাৰ্জন কৰা পৰিয়ালটোৱে গুৱাহাটীস্থিত এপ'ল হাস্পতালত চিকিৎসাৰ বাবে ডাক্তৰৰ কাষ চাপে। চিকিৎসকৰ পৰামৰ্শমতে শৰীৰৰ পৰীক্ষা কৰাত ব্ৰেইন টিউমাৰৰ দৰে জটিল ৰোগৰ অৱস্থিতি ধৰা পৰে। অতি ব্যয়বহুল তথা এনে জটিল ৰোগৰ অৱস্থিতিৰ কথা গম পায় পৰিয়ালটোলৈ নামি আহিল ঘোৰ সংকট।

উত্তমক সুস্থ কৰি তুলিবলৈ পৰিয়ালটোক যথেষ্ট ধনৰ প্ৰয়োজন হ'ব;কিন্তু অধিক ধন খৰচ কৰি উত্তমক সুস্থ কৰি তুলিবলৈ পৰিয়ালটো সক্ষম নহয়। দুৰ্ভগীয়া পৰিয়ালটোৱে উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদয়বান অসমৰ ৰাইজৰ ওচৰত সহায় ভিক্ষা মাগিছে।

যদি অসমবাসী ৰাইজে উত্তমক উন্নত চিকিৎসা কৰি সুস্থ কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰিব বিচাৰে;তেন্তে HDFC Bank ৰ Account no: 50100509039843, IFSC: HDFC0004216 নম্বৰত কিছু সহায় আগবঢ়াব পাৰিব বুলি পৰিয়ালৰ লোকে জনায়। আনহাতে উত্তমৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব বিচাৰিলে 6301875206 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে।

সম্ভাৱনাময় যুৱকৰ দেহত জটিল ৰোগ : দুৰ্ভগীয়া পৰিয়ালে বিচাৰিছে সহায়
মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ 'মহাবিদ্যালয় সপ্তাহ'ৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in