/asomiyapratidin/media/media_files/2025/01/16/TAny63cYg5y8lxkxGUvk.jpg)
ডিজিটেল ডেস্কঃ সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অসম ৰাজ্যিক বিজেপিক নেতৃত্ব দিবলৈ আগবাঢ়িছে দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাবে বৰ্তমানৰ সভাপতি ভৱেশ কলিতাকে ধৰি কেইবাটাও নাম চৰ্চালৈ আহিছিল।
পল্লৱ লোচন দাস, ৰঞ্জিত কুমাৰ দাস, ৰামেশ্বৰ তেলীৰ নামো এই দৌৰত আছিল যদিও দিল্লীৰ পৰা অহা কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত শেষ মুহূৰ্তত দিলীপ শইকীয়াৰ নামতে চূড়ান্ত মোহৰ পৰে।
তাৰ মাজতেই ভৱেশ কলিতাই এই দৌৰত তেওঁ নথকাৰ কথা সংবাদ মাধ্যমত সদৰি কৰিছিল। তেওঁ সংবাদ মাধ্যমত জনাইছিল যে, দলে তেওঁক ইতিমধ্যে বহুত দিছে।
উল্লেখযোগ্য যে, ৰাজ্যিক বিজেপি সভাপতি নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। অৱশ্যে আনুষ্ঠানিকভাৱে কাইলৈহে পৰৱৰ্তী ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম ঘোষণা হ'ব।
আগন্তুক পঞ্চায়ত নিৰ্বাচন শাসকীয় দলটোৱে দিলীপ শইকীয়াৰ নেতৃত্বতে প্ৰতিদ্বন্দিতা কৰিব। উল্লেখ্য যে, দলৰ এগৰাকী পুৰণি নেতা দিলীপ শইকীয়া। তেওঁ ২০১৯ ত মঙলদৈ সমষ্টিৰ পৰা আৰু ২০২৪ ত নতুনকৈ নামাকৰণ কৰা দৰং-ওদালগুৰি সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।
ইয়াৰ পূৰ্বে তেওঁ বিজেপিৰ কেন্দ্ৰীয় কমিটীত সাধাৰণ সম্পাদকৰ দায়িত্বও পালন কৰিছিল।