চৰকাৰৰ সুৰাপায়ীয়েই শেষ ভৰসা ! ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি মূল্য...

চৰকাৰৰ সুৰাপায়ীয়েই শেষ ভৰসা !  ২৫ শতাংশ পৰ্যন্ত  বৃদ্ধি মূল্য...
চৰকাৰৰ সুৰাপায়ীয়েই শেষ ভৰসা ! ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি মূল্য...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সুৰাপায়ীসকলেই যেন শেষ ভৰসা। আৰ্থিক জুৰুলা অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ গুৰু দায়িত্ব সুৰাপায়ীসকলৰ ওপৰত। সেয়ে হয়তো এতিয়াৰে পৰা নিশা ১০ বজাৰ পাছতো সুৰা সেৱনকাৰীসকলে ক্ৰয় কৰাৰ সুবিধা পাব সুৰা। কেৱল সেয়াই নহয়, বিলাতী সুৰাৰ মূল্যতো অধিক ধন ভৰি সুৰাপায়ীসকলে আগবঢ়াব অৰ্থনীতিলৈ অৱদান !

ৰাজ্যত যি সময়ত সুৰাৰ প্ৰচলনে প্ৰজন্মৰ পাছত প্ৰজন্মক ধ্বংসৰ দিশলৈ নিছে, সুৰাই হাজাৰ হাজাৰ যুৱকৰ প্ৰাণ কাঢ়িছে, সেই সময়ত সুৰাৰ প্ৰচলন আৰু অধিক কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক হঠকাৰী সিদ্ধান্ত। এতিয়াৰে পৰা নিশা ১১ বজাতো সুৰা ক্ৰয়ৰ সুবিধা লাভ কৰিব।

পূৰ্বে নিশা ১০ বজালৈকেহে সুৰাৰ বিপনী খোলা থকাৰ অনুমতি আছিল যদিও আবকাৰী বিভাগৰ ৰাজপত্ৰিত অধিসূচনাৰ জৰিয়তে এতিয়াৰে পৰা ১১ বজাতো সুৰা উপলব্ধ হোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি শ্বপিং মলৰ সুৰাৰ বিপনীসমূহ ১১ বজালৈ খোলা থাকিব।

আনহাতে এই অধিসূচনা অনুসৰি আজিৰে পৰা সকলো বিলাতী সুৰাৰ মূল্য ৪ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। সেই অনুসৰি ৩৩০ টকাৰ ৭৫০ মিলিলিটাৰৰ সাধাৰণ ব্ৰেণ্ডৰ ৰামক ১০০ টকাকৈ, ৩১০ টকাৰ ৭৫০ মিলিলিটাৰৰ হুইস্কি, জিন, ব্ৰেণ্ডিৰ ৰেগুলাৰ ব্ৰেণ্ডত ১২১ টকাকৈ বৃদ্ধি পাইছে।

একেদৰে ৩১০ টকাৰ ৭৫০ মিলিলিটাৰৰ লাক্সাৰি ব্ৰেণ্ডৰ ব্ৰেণ্ডি, হুইস্কি, জিনত ১৩৭ টকাকৈ, ৬৪০ টকাৰ এলিজেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰাম ব্ৰাণ্ডি, হুইস্কি, জিনত ১৭৫ টকাকৈ, ১০৪০ টকাৰ প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰ ৰাম, ব্ৰেণ্ডি, হুইস্কি, জিনত ২৪৮ টকাকৈ, ১০৪০ টকাৰ ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰাম, হুইস্কি, ব্ৰেণ্ডি, জিনত ৪২৭ টকাকৈ বৃদ্ধি কৰা হৈছে।

চৰকাৰৰ সুৰাপায়ীয়েই শেষ ভৰসা !  ২৫ শতাংশ পৰ্যন্ত  বৃদ্ধি মূল্য...
ডাইমণ্ড লীগত নীৰজ চোপ্ৰাৰ পুনৰ স্বৰ্ণ পদক লাভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in