"আলফাই অসম আৰক্ষীক অশ্লীল শব্দৰে অপমান কৰিছে"- আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

"আলফাই অসম আৰক্ষীক অশ্লীল শব্দৰে অপমান কৰিছে"- আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

ডিজিটেল ডেস্কঃ মঙলবাৰে লতাশিল খেলপথাৰত ৰাষ্ট্ৰীয় একতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আলফা (স্বাঃ) সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সাংবাদিকৰ সন্মুখত আৰক্ষী সঞ্চালক প্ৰধান গৰকীয়ে কয় যে, আলফা স্বাধীনে অসম আৰক্ষী সন্দৰ্ভত অতি নিকৃষ্ট মন্তব্য আগবঢ়াইছে।

অসম আৰক্ষী এটা ২০০ বছৰীয়া ইতিহাস সমৃদ্ধ অনুষ্ঠান বুলি উল্লেখ কৰি জি পি সিঙে লগতে কয় যে, আলফা স্বাধীনে তেওঁক সমালোচনা কৰক, তাত তেওঁৰ কোনো আপত্তি নাথাকিব। কিন্তু আলফা স্বাধীনে অসম আৰক্ষীক অশ্লীল শব্দৰে অপমান কৰিছে। যি কেতিয়াও গ্ৰহণযোগ্য নহয়।

নতুনকৈ আলফা স্বাধীনত অসমীয়া যুৱকৰ যোগদান সন্দৰ্ভত কৰা সংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, আলফা স্বাধীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পৰা অসমৰ নতুন প্রজন্ম আঁতৰি থাকক।

"আলফাই অসম আৰক্ষীক অশ্লীল শব্দৰে অপমান কৰিছে"- আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং
ইডিৰ জেৰাৰ সন্মুখীন হ'ব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in