ক্ষুদ্ৰ বাতৰি কাকত সমূহৰ সমস্যা সমাধানৰ দাবীত জনসংযোগ সঞ্চালকক স্মাৰকপত্ৰ প্ৰদান...

সদৌ অসম ক্ষুদ্ৰ বাতৰি কাকত সন্থাই তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে

author-image
Asomiya Pratidin
New Update
ক্ষুদ্ৰ বাতৰি কাকত সমূহৰ সমস্যা সমাধানৰ দাবীত জনসংযোগ সঞ্চালকক স্মাৰকপত্ৰ প্ৰদান...

ডিজিটেল সংবাদ, গুৱাহাটী: ৰাজ্যখনৰ ক্ষুদ্ৰ বাতৰি কাকত সমূহৰ সমস্যা সমাধানৰ দাবী। ক্ষুদ্ৰ বাতৰি কাকতৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ দাবীত বুধবাৰে সদৌ অসম ক্ষুদ্ৰ বাতৰি কাকত সন্থাই তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।

Advertisment

স্মাৰক পত্ৰখনৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ বাতৰি কাকতসমূহৰ সমস্যা সমূহ সমাধান কৰিবলৈ দাবী জনায়। বিশেষকৈ ২০১৪ চনৰ পৰাই ক্ষুদ্ৰ বাতৰি কাকতসমূহৰ বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি নোহোৱাত, বিগত ৮(আঠ) বছৰত ছপা সামগ্ৰীকে ধৰি, ক্ষুদ্ৰ বাতৰি কাকতত নিয়োজিত কৰ্মচাৰীসকলৰ পাৰিশ্ৰমিক বহুলাংশে বৃদ্ধি পোৱাৰ লগতে বিদ্যুত মাচুল আদিৰ বৃদ্ধিয়ে ক্ষুদ্ৰ বাতৰি কাকত সমূহক জুৰুলা কৰি পেলাইছে।

সেয়েহে ক্ষুদ্ৰ বাতৰি কাকতসমূহৰ বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি আৰু ডিচপ্লে বিজ্ঞাপনৰ সংখ্যা বঢ়াই দিয়াৰ দাবীৰ লগতে ক্ষুদ্ৰ বাতৰি কাকত সমূহকো নিয়মীয়াকৈ ক্লাচিফাইড বিজ্ঞাপন প্ৰদানৰ বাবেও দাবী জনায় । তদুপৰি ক্ষুদ্ৰ বাতৰি কাকতৰ বাবে শীঘ্ৰেই সাংবাদিক সুৰক্ষা আইন প্ৰণয়ন কৰা, ক্ষুদ্ৰ বাতৰি কাকত সমূহক বিজ্ঞাপনৰ বিল প্ৰত্যেক মাহতে আদায় দিয়া, ক্ষুদ্ৰ বাতৰি কাকতৰ সম্পাদক, এজন ষ্টাফ ৰিপ'ৰ্টাৰ আৰু এজন ফটো গ্ৰাফাৰক এক্ৰিডিটেড কাৰ্ড প্ৰদান কৰা, সাংবাদিকৰ এক্ৰিডিটেড কমিটী আৰু মেডিকেল ওৱেলফেয়াৰ কমিটীত ক্ষুদ্ৰ বাতৰি কাকত সন্থাৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা, একেৰাহে ২৫ বছৰ ধৰি ক্ষুদ্ৰ বাতৰি কাকত চলাই থকা আৰু ষাঠি বছৰ অতিক্ৰম কৰা ৰাজ্যখনৰ ক্ষুদ্ৰ বাতৰি কাকতৰ সম্পাদক সকলক সাংবাদিক পেন্সন প্ৰদানৰ ব্যৱস্থা কৰা, ৰাজ্যখনৰ সকলো সাংবাদিকৰ বাবে সাংবাদিক পেন্সন অতিকমেও ২৫,০০০(পশিছ হাজাৰ) টকালৈ বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰে ।

উল্লেখ্য যে, স্মাৰকপত্ৰ প্ৰদানৰ পূৰ্বে সদৌ অসম ক্ষুদ্ৰ বাতৰি কাকত সন্থাৰ তৰফৰ পৰা তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়ক সম্বৰ্ধনা জনোৱা হয় । সদৌ অসম ক্ষুদ্ৰ বাতৰি কাকত সন্থাৰ সভাপতি ড: বিৰিঞ্চি কুমাৰ শৰ্মা, উপ-সভাপতি লক্ষীকান্ত মজিন্দাৰ বৰুৱা, সম্পাদক অৰূপ কুমাৰ শৰ্মা, সহ:সম্পাদক এম ছাইফ উদ্দিন আহমেদ আৰু উপদেষ্টা চক্ৰেশ্বৰ গোস্বামীয়ে সঞ্চালক গৰাকীক সাক্ষাৎ কৰি স্মাৰক পত্ৰখনি প্ৰদান কৰে । সঞ্চালক দেৱ ৰয়ে ক্ষুদ্ৰ বাতৰি কাকত সন্থাৰ স্মাৰকপত্ৰখন গ্ৰহণ কৰি ক্ষুদ্ৰ বাতৰি কাকতৰ সমস্যা সমূহ পৰ্যায়ক্ৰমে সমাধানৰ আশ্বাস প্ৰদান কৰে।

Also Read: 10 Best Football Players of all time: বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ

GOVT OF ASSAM