/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d2e8697e-c6db-4bf7-8aac-c0f2c5a94a08/AP_FOR_WEB_football.jpg)
Best Football Players of all time
ডিজিটেল ডেস্ক: খেলুৱৈয়ে খিতাপ জিকে, মহান খেলুৱৈসকলে অভিলেখ ভংগ কৰে, কিন্তু কিংবদন্তিয়ে খেল সলনি কৰে।পছন্দৰ খেলুৱৈজনৰ প্ৰতি সকলোৰে দুৰ্বলতা থাকে আৰু তাতে যদি সেই খেল ফুটবল হয় ! ফুটবল হৈছে বিশ্বজুৰি আটাইতকৈ বেছি অনুসৰণ কৰা খেল।ফুটবলৰ প্ৰতি থকা প্ৰেম অত্যাশ্চৰ্য।ইফালে, যিয়ে সমগ্ৰ বিশ্বৰ অনুৰাগীসকলক এই খেলৰ প্ৰেমত পেলাব পাৰে, সেয়াই হ'ল এই খেলৰ খেলুৱৈসকল।
আজি ফুটবল জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ১০ জন ফুটবলাৰৰ বিষয়ে জানো আহক-
পেলে
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/00d40201-88d7-41f7-b9a5-3b2c0f6fac2f/pele.webp)
সৰ্বকালৰ শীৰ্ষৰ ফুটবল খেলুৱৈৰ তালিকাত প্ৰথম স্থানত আছে ব্ৰাজিলৰ কিংবদন্তী ফুটবলাৰ পেলে। পেলেক সাধাৰণতে সৰ্বকালৰ বিশ্বৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ বুলি গণ্য কৰা হয়।ফুটবলৰ দেৱতা বুলিও গণ্য কৰা হয় পেলেক। তেওঁতকৈ বেছি বিশ্বকাপ জয় কৰা বিশ্বত আৰু আন খেলুৱৈ নাই। পেলে এটা ‘গ'ল স্কোৰিং মেছিন’ আছিল, যিয়ে ক্লাব আৰু দেশ দুয়োৰে বাবে আক্ৰমণৰ মুখ্য বিন্দু হিচাপেও কাম কৰিছিল।১২০০ তকৈ অধিক গ'ল কৰা পেলে বিশ্বৰ একমাত্ৰ খেলুৱৈ।ছুইডেনৰ বিৰুদ্ধে ১৯৫৮ চনৰ বিশ্বকাপৰ ফাইনেলত দুবাৰকৈ স্ক'ৰ কৰা পেলে হৈছে এই অভিলেখ গঢ়া আটাইতকৈ কম বয়সীয়া খেলুৱৈ।সেই সময়ত পেলেৰ বয়স ১৭ বছৰ ২৪৯ দিন।
ডিয়েগ’ মাৰাড’না
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/63310bfd-a955-4403-990a-bf666c166494/Diego_Maradona.webp)
এক কথাত ক’বলৈ গলে ভৰিৰ যাদুকৰ আছিল ডিয়েগ’ মাৰাড’না। তেওঁ এটা ফুটবলৰ সৈতে যি খেলা কৰিব পাৰিছিল, সেয়া সাধাৰণ মানুহৰ বাবে সপোনৰ অগোচৰ আছিল।খেল এখনত জয়ী হ’বলৈ তেওঁ যিকোনো পৰ্যায় অতিক্ৰম কৰিব পাৰিছিল।তেওঁৰ বিখ্যাত ‘হেণ্ড অফ গড এণ্টিক্স’ৰ বাবে নিঃসন্দেহে ১৯৮৬ চনত আৰ্জেণ্টিনাৰ চমৎকাৰ বিজয়ৰ তেওঁ নায়ক আছিল। মাৰাড’নাৰ দৃষ্টিশক্তি, পাছিং, বল নিয়ন্ত্ৰণ, আৰু ড্ৰিবলিং ক্ষমতা আছিল অতুলনীয়। খেলপথাৰত তেওঁৰ উপস্থিতি আৰু নেতৃত্বই তেওঁৰ দলৰ সামগ্ৰিক সফলতাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। নিঃসন্দেহে, মাৰাডোনা সৰ্বকালৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবল খেলুৱৈ আছিল।
ক্ৰিষ্টিয়ান’ ৰ’নাল্ডো
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ae64e6d6-c019-43a0-99e4-b2240490d8c9/0x0.jpeg)
এক অভূতপূৰ্ব ব্যক্তিত্বৰ অধিকাৰী ক্ৰিষ্টিয়ান’ ৰ’নাল্ডো।ৰ’নাল্ডো এক ‘পলিছ নোহোৱা ৰত্ন’।অভিলেখ গঢ়া মেছিন ক্ৰিষ্টিয়ান’য়ে স্পোৰ্টিঙত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ছাৰ এলেক্স ফাৰ্গুছনে তেওঁক এজন অকাল প্ৰতিভা হিচাপে চিনাক্ত কৰিছিল ।মানচেষ্টাৰ ইউনাইটেডত পৰ্তুগীজ চুপাৰষ্টাৰ ৰ’নাল্ডয়ে এজন উদীয়মান ফুটবলাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।ইয়াৰ পাছত তেওঁ ৰিয়েল মাদ্ৰিদ দলত তেওঁ নিজকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দৃঢ়তা, নিষ্ঠা তথা তেওঁৰ সৰ্বোচ্চ প্ৰতিভাৰ বাবে ৰ’নাল্ডো আজি আন্ত.ৰ্জাতিক ফুটবলৰ একক সৰ্বাধিক পৰিচিত নাম হৈ পৰিছে।
লিয়’নেল মেছি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/29c8928f-530f-40f1-b22e-a57b0b814063/Lionel_Messi.jpg)
অক্সফৰ্ডৰ অভিধানে এটা নিখুঁত বিশেষণেৰে সংজ্ঞায়িত কৰিব নোৱাৰা এজন ব্যক্তি হৈছে মেছি।বাৰ্চিলোনাৰ প্ৰাক্তন খেলুৱৈজন অনুৰাগীৰ বাবে চকুৰ মণি, ভৰিৰ যাদুকৰ।তেওঁলোকৰ বাবে মেছি মানুহ নহয়, ভগৱান।দুভৰিৰ যাদুৰ দ্বাৰা মেছিৰ হয়তো অভিলেখ ভাঙিবলৈ আৰু বেছি অভিলেখ নাই। তেওঁ এতিয়ালৈকে ক্লাব আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় সকলোখিনি খেল জয়ী কৰি এক সুন্দৰ কেৰিয়াৰ উপভোগ কৰি আছে। আৰ্জেণ্টিনাৰ এই প্ৰতিভাৰ বাবে হয়তো আৰু বহু অভিলেখে বাট চায় আছে।
জহান ক্ৰুইফ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a0d794e7-24d6-4542-8f93-05d9812c570e/Johan_Cruyff.webp)
আটাইতকৈ প্ৰভাৱশালী ফুটবল খেলুৱৈ আৰু মেনেজাৰ জহান ক্ৰুইফ হৈছে ‘ফুটবলৰ পিকাচো’। ফুটবলৰ ইতিহাসত কোনো ব্যক্তি বা প্ৰশিক্ষকৰ জহান ক্ৰুইফৰ দৰে প্ৰভাৱ নাই। ক্ৰুইফ এজন ‘ট্ৰেলব্লেজাৰ’ আছিল যিয়ে এজাক্স, বাৰ্চিলোনা আৰু নেডাৰলেণ্ডৰ ৰাষ্ট্ৰীয় দলৰ সৈতে 'সম্পূৰ্ণ ফুটবল'ৰ মহান ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। ক্লাব আৰু ৰাষ্ট্ৰীয় দল দুয়োটাতে তেওঁৰ এক উল্লেখযোগ্য কেৰিয়াৰ আছিল।ফুটবলত তেওঁৰ মহান আচৰণৰ লগতে বাৰ্চিলোনাত এক বৈপ্লৱিক পৰিৱৰ্তন অনা তথা পৰৱৰ্তী পৰ্যায়ৰ 'মুঠ ফুটবল'ৰ দ্বাৰা ক্লাবত তেওঁৰ মহানতা প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁক মূলতে স্মৰণ কৰা হয়।তেওঁ সঁচাকৈয়ে সৰ্বকালৰ বিশ্বৰ শীৰ্ষ ১০ জন ফুটবল খেলুৱৈৰ তালিকাত স্থান পোৱাৰ যোগ্য।
Also Read: ফুটবল অনুৰাগীৰ ওচৰত ক্ষমা খুজিলে আম্বানীৰ প্ৰতিষ্ঠানে...
জিনেদিন জিদান
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/38588e6d-8797-4121-968b-5946a65f05f2/Zinedine_Zidane.webp)
‘মোক জিদান আৰু ১০ টুকুৰা কাঠ দিয়ক আৰু মই আপোনাক চেম্পিয়নছ লীগ দিম।’ এই ভাষ্য উদ্ধৃতি আছিল ছাৰ এলেক্স ফাৰ্গুছনৰ। জিনেদিন জিদান প্ৰকৃততেই এজন ব্যতিক্ৰমী ফুটবল খেলুৱৈ আছিল। জিদানক ফুটবল অনুৰাগীসকলৰ লগতে খেলৰ শীৰ্ষ তাৰকাসকলেও প্ৰশংসা আৰু সন্মান কৰে।জিদান ক্লাব আৰু দেশ দুয়োটাতে জিলিকি আছিল।মাদ্ৰিদৰ প্ৰাক্তন কিংবদন্তীগৰাকীক সৰ্বকালৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰা হয়।বিশেষকৈ ২০০৬ চনৰ বিশ্বকাপৰ ফাইনেলত ইটালীৰ বিৰুদ্ধে বিখ্যাত ‘হেডবাট’ৰ বাবে তেওঁক স্মৰণ কৰা হয়।এজন প্ৰশিক্ষক হিচাপেও তেওঁ অপ্ৰতিৰোধ্য আছিল আৰু তেওঁৰ পূৰ্বৰ দল ৰিয়েল মাদ্ৰিদৰ সৈতে বহুতো খিতাপ জিকিছিল।
ৰ’নাল্ডো নাজাৰিঅ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a9a7e230-d55d-4735-bf0e-cc9dc50a6f37/Ronaldo_Nazario.webp)
সৰ্বকালৰ আটাইতকৈ বিপদজনক ‘ষ্ট্ৰাইকাৰ’সকলৰ ভিতৰৰ অন্যতম ৰ’নাল্ডো নাজাৰিঅ। ৰ’নাল্ডো নাজাৰিঅয়ে তেওঁৰ কেৰিয়াৰত বাৰ্চিলোনা, ৰিয়েল মাদ্ৰিদ, ইণ্টাৰ মিলান আৰু এচি মিনালৰ হৈ খেলি বৰ্তমান বিশ্বৰ সকলো ফুটবল অনুৰাগীয়েই প্ৰশংসা তথা সন্মানৰ পাত্ৰ পৰিল। তেওঁ ব্ৰাজিলৰ হৈ ২ টা বেলন ডি'অৰ আৰু ২ বাৰ বিশ্বকাপ জয় কৰিছে।
ৰোনাল্ডিনহো
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/af9129f3-1f91-4f9d-973d-a97dbc929114/Ronaldinho.webp)
যদি অনুৰাগীক ‘হাঁহিমুখীয়া শ্ৰেষ্ঠ ফুটবলাৰ’ শীৰ্ষক এক পুৰস্কাৰ দিবলৈ দিয়া হয়, তেতিয়া এই পুৰস্কাৰৰ অধিকাৰী হ’ব ৰোনাল্ডিনহো। তেওঁ ষ্টেডিয়ামৰ প্ৰতিজন অনুৰাগীক মনোৰঞ্জন কৰি ৰাখিছিল। ৰোনাল্ডিনহো ফুটবল প্ৰেমীসকলৰ হৃদয়ত ৰেখাপাত কৰা ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ। তেওঁ নিঃসন্দেহে সৰ্বকালৰ পৃথিৱীৰ আটাইতকৈ প্ৰতিভাশালী আৰু শ্ৰেষ্ঠ ফুটবল খেলুৱৈসকলৰ ভিতৰৰ অন্যতম।
ফ্ৰাঞ্জ বেকেনবাউয়াৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/84741ed6-f4a9-4194-8702-3d80f3c53568/Franz_Beckenbauer.webp)
জাৰ্মানৰ ফুটবলাৰ ফ্ৰাঞ্জ বেকেনবাউয়াৰক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ডিফেণ্ডাৰ হিচাপে গণ্য কৰা হয়।ফ্ৰাঞ্জ বেকেনবাউয়াৰ অনুৰাগীৰ মাজত ডেৰ কাইজাৰ নামেৰেও জনাজাত। তেওঁৰ সুন্দৰ খেলৰ শৈলী, নেতৃত্ব আৰু আধিপত্যই তেওঁক সঁচাকৈয়ে এজন বহুমুখী খেলুৱৈ হিচাপে পৰিচয় দিছিল।উল্লেখ্য, এজন চমৎকাৰী ‘গেম ৰিডাৰ’ হিচাপেও এইজন খেলুৱৈৰ আছে আন এক পৰিচয়।
আলফ্ৰেড’ ডি ষ্টেফান’
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/49700af0-c1d1-48b5-9f0e-420d56193d46/Alfredo_Di_Stefano.webp)
১৯৫০ ৰ দশকত আধিপত্য বিস্তাৰ কৰা ৰিয়েল মাদ্ৰিদৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ অন্যতম আছিল আলফ্ৰেড’ ডি ষ্টেফান’। আলফ্ৰেড’ ডি ষ্টেফান’ৰ ২০ বছৰীয়া কেৰিয়াৰত ধাৰাবাহিকভাৱে তেওঁ বিশ্বৰ শীৰ্ষ খেলুৱৈসকলৰ ভিতৰত স্থান লাভ কৰিছিল। আক্ৰমণাত্মক ‘মিডফিল্ডাৰ’ হিচাপে খেলা ডি ষ্টেফান’ যি কোনো গুৰুত্বপূৰ্ণ খেলৰ সময়ত সদায় সৰ্বশ্ৰেষ্ঠ আছিল আৰু পাঁচখন ইউৰোপিয়ান কাপ ফাইনেলত গ'ল কৰা একমাত্ৰ খেলুৱৈ হোৱাৰ অভিলেখ গঢ়িছিল।তেওঁ আৰ্জেণ্টিনাৰ লছ ব্লাঙ্কোছ দলৰ সৈতে সৰ্বমুঠ ১৫টা সন্মান লাভ কৰে, যাৰ ভিতৰত আছে একেৰাহে পাঁচটা চেম্পিয়ন লীগৰ অভিলেখ।নিঃসন্দেহে, আলফ্ৰেড’ ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ।