মিনাৰেল পানীৰ বটল ক্ৰয় কৰি খোৱাৰ পূৰ্বেই অতিকৈ সাৱধান হওক...

বিভিন্ন কাৰণত ঘৰৰ বাহিৰ হলেই প্ৰায় সংখ্যক লোকেই পিয়াহ লাগিলে কাষৰতে পোৱা দোকান সমূহৰ পৰা মিনাৰেল পানীৰ বটল ক্ৰয় কৰি সেবন কৰে । এয়া বৰ্তমানে এক তেনেই সাধাৰণ ঘটনা । পিছে এই মিনাৰেল পানীৰ বটল ভাবি খোৱাৰ পূৰ্বে অতিকৈ সাবধান হওঁক ।
মিনাৰেল পানীৰ বটল
মিনাৰেল পানীৰ বটল

ডিজিটেল সংবাদ, দুমুনিচকীঃ বিভিন্ন কাৰণত ঘৰৰ বাহিৰ হলেই প্ৰায় সংখ্যক লোকেই পিয়াহ লাগিলে কাষৰতে পোৱা দোকান সমূহৰ পৰা মিনাৰেল পানীৰ বটল ক্ৰয় কৰি সেবন কৰে । এয়া বৰ্তমানে এক তেনেই সাধাৰণ ঘটনা । পিছে এই মিনাৰেল পানীৰ বটল ভাবি খোৱাৰ পূৰ্বে অতিকৈ সাবধান হওঁক ।

মিনাৰেল পানীৰ বটল খোৱাৰ যদিহে অভ্যাস আছে আপোনাৰ তেন্তে কিনি খোৱাৰ পূৰ্বে দহ বাৰ ভাৱক। নহলে মিনাৰেল পানী খাই আপুনিও গুৰুতৰ ভাৱে অসুস্থ হৈ পৰিব পাৰে । কামৰূপ জিলাৰ দক্ষিণ লেঙাৰ এখন দোকানত এই Prime stream নামৰ পানীৰ বটলত ওলাল বিষাক্ত দ্ৰব্য । এই প্ৰাইম ষ্ট্ৰীম নামৰ পানীৰ  বটল কিনি খাই বমি কৰিলে এজন ব্যক্তিয়ে।

এই পানী সেবন কৰি অসুস্থ হৈ পৰে এজন ব্যক্তি । এনে ঘটনাৰ পিছতেই দুমুনিচকীৰ সমীপৰ গনেশকুৱৰিত কোম্পানী থকা প্ৰাইম ষ্ট্ৰীম নামৰ মিনাৰেল বটলৰ পানী পৰীক্ষা কৰি বিষয় সন্দৰ্ভত ব্যৱস্থা লোৱাৰ বাবে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনক ৰাইজে অনুৰোধ জনাইছে ।

লগতে প্ৰাইম ষ্ট্ৰীম নামৰ মিনাৰেল পানী খোৱাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণক আহ্বান জনাইছে অঞ্চলটোৰ সচেতন নাগৰিকসকলে ।

মিনাৰেল পানীৰ বটল
হালধাত উদ্ধাৰ বৃহৎ পৰিমাণৰ খই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in