খেল নহয়, হেলিপেডহে ডাঙৰ ! কাজিৰঙাত খেল পথাৰত নিৰ্মাণ কৰিব হেলিপেড...

খেল নহয়, হেলিপেডহে ডাঙৰ ! কাজিৰঙাত খেল পথাৰত নিৰ্মাণ কৰিব হেলিপেড...
খেল নহয়, হেলিপেডহে ডাঙৰ ! কাজিৰঙাত খেল পথাৰত নিৰ্মাণ কৰিব হেলিপেড...

ডিজিটেল সংবাদ বোকাখাটঃ ক্ৰীড়া অনুশীলনৰ বাবে যথোপযুক্ত ব্যৱস্থা নথকা স্বত্বেও গ্ৰামাঞ্চলৰ খেল পথাৰত অনুশীলন কৰি বিকশিত হৈছে অসমৰ বহু প্ৰতিভা ৷ তেনেস্থলত বৃহত্তৰ কাজিৰঙা অঞ্চলৰ গেলেকীত থকা একমাত্ৰ ৰাজহুৱা খেলপথাৰখন চৰকাৰে হেলিপেডলৈ ৰূপান্তৰিত কৰিব খোজা কাৰ্যত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷

উল্লেখযোগ্য যে বোকাখাত সমষ্টিৰ অন্তৰ্গত কাজিৰঙাৰ গেলেকী ৰাজহুৱা খেলপথাৰখন যোৱা ৭ আগষ্টত পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ৷ খেলপথাৰখন পৰিদৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ৷

মুখ্যমন্ত্ৰীৰ খেলপথাৰ পৰিদৰ্শনৰ পাছত মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত মন্তব্য কৰে যে, খেল পথাৰখন পৰ্যটকৰ সুবিধাৰ বাবে হেলিপেড নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে ৷ খেলপথাৰখন স্থানতৰ কৰাৰ বাবে আন ঠাইৰ বিবেচনা কৰি থকা হৈছে ৷

এনে ক্ষেত্ৰত ৰাইজৰ দাবী খেলপথাৰখনত হেলিপেড নিৰ্মাণৰ পৰিবৰ্তে চৰকাৰে হেলিপেডৰ বাবে আন ঠাই নিৰ্বাচন কৰক ৷ কাৰণ খেলপথাৰখনৰ অবিহনে শিকাৰুসকলৰ দৈনিক অনুশীলনৰ স্থানকনো নোহোৱা হৈ যাব ৷

ৰাইজৰ মতে পৰ্যটকৰ সুবিধাৰ বাবে কাজিৰঙাত হেলিপেড নিৰ্মাণ কৰিব বিচৰাতো আদৰণিয় ৷কিন্তু কাষতে এখন বিদ্যালয় থকা জনবসতি এলেকাত হেলিপেড নিৰ্মাণ কৰিব বিচৰাতো কাৰো কাম্য নহয় ৷

অভিযোগ মতে একাংশ পুঁজিপতিক বেপাৰ বাণিজ্য কৰাৰ বাবে চৰকাৰে কাজিৰঙাৰ বিভিন্ন স্থানত ভূমি আৱন্তন দিছে ৷ বিপৰীতে হেলিপেড নিৰ্মাণ কৰাৰ বাবে ৰাজহুৱা খেলপথাৰ অধিগ্ৰহণ কৰিব বিচৰাতো দুৰ্ভাগ্যজনক ৷

খেল নহয়, হেলিপেডহে ডাঙৰ ! কাজিৰঙাত খেল পথাৰত নিৰ্মাণ কৰিব হেলিপেড...
দেৱেন দত্তৰ বিয়োগত সামাজিক মাধ্যমত শোকৰ বন্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in