/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/26311954-384a-480f-b509-6a721ee92b30/AP_FOR_WEB_boss.jpg)
ডিজিটেল ডেস্কঃ বামুণীমৈদামস্থিত ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত মঙলবাৰে শিক্ষক দিৱসৰ লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাতা প্ৰয়াত দেবানন্দ বৰুৱাৰ জন্ম শতবৰ্ষ অনুষ্ঠান পুৱা ১১ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। ডেৰ শতাধিক শিক্ষাৰ্থী, শিক্ষক আৰু বহু বিশিষ্টলোকৰ উপস্থিতিত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষক দিৱসৰ জনক ড০ ৰাধাকৃষ্ণণৰ প্ৰতিছবিৰ লগতে হেমকোষ প্ৰাণ দেবানন্দৰ বৰুৱাৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলিৰে শুভাৰম্ভ কৰে পৰিচালনা সমিতি সভাপতি দ্বিজেন ভট্টচাৰ্যই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/df512d95-8a68-488b-b066-d82900407ee0/4a10f2b4_bf0d_42a5_84d4_18f58745587c.jpg)
ইয়াৰ পাছতে অনুষ্ঠানৰ মুখ্য অতিথি ড০ কিশোৰ মোহৰ ভট্টাচাৰ্য আমন্ত্ৰিত অতিথি হাইদৰ হুছেইন, অদ্বীপ কুমাৰ ফুকন, দেবানন্দ বৰুৱাৰ পৰিয়ালৰ সদস্যসকলৰ লগতে আমন্ত্ৰিত অতিথিসকলেও তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/089cb099-5681-4fa3-98e0-aafa50cd2728/91da2d2a_a00b_4623_814d_7a482ec176a1.jpg)
গুৰু বন্দনা আৰু নাগাৰা নামেৰে আৰম্ভ হোৱা মূল সভাৰ আৰম্ভণিতে বিশিষ্ট সাংবাদিক-বুদ্ধিজীৱি হাইদৰ হুছেইন, অদ্বীপ ফুকন আদিয়ে ভাষণ দিয়াৰ পাছত সাদিন-প্ৰতিদিনৰ স্বাত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই পিতৃ হেমকোষ প্ৰাণ দেবানন্দ বৰুৱাৰ সৈতে পাৰ কৰা সময়ৰ কথা সোঁৱৰণ কৰি আবেগিক হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/15c47614-97f8-49b4-a0e6-5491b325540a/37793d2b_c4cc_4af3_b365_de88c92b96e2.jpg)
তেওঁ কয়- হেমকোষৰ চতুৰ্দশ সংস্কৰণৰ প্ৰকাশৰ সময়ত যাৱতীয় কাম সম্পন্ন হোৱাৰ পাছত পিতৃক ছাৰপ্ৰাইজ দিয়াৰ উদ্দেশ্যেৰে পুৱাই কলিকতাৰ প্ৰেছলৈ গৈ আবেলি উভতি উক্ত সংস্কৰণৰ কপি লৈ উভতে আৰু আহি পিতৃৰ হাতত গতাই দিয়ে। সেই সময়খিনি তেওঁৰ বাবে অবিস্মৰণীয়। সেই সময়চোৱাত পিতৃৰ মুখত জিলিকি উঠা প্ৰাপ্তিৰ হাঁহি তেওঁৰ চকুৰ আগত আজিও ভাহি থাকে বুলি ব্যক্ত কৰি তেওঁ আবেগিক হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ad399d29-fe04-4e44-b725-9cfa00f059ed/9c17b41a_a3b0_4f9d_bc4a_4a036a15da6d.jpg)
আনহাতে মুখ্য অতিথি ড০ কিশোৰ মোহন ভট্টাচাৰ্যই শিক্ষাৰ উদ্দেশ্য, অধ্যয়নৰ জৰিয়তে জ্ঞান প্ৰসাৰৰ আনন্দ আৰু ইয়াৰ জৰিয়তে সমাজৰ হিত সাধনৰ লগতে এই সময়চোৱাত লাভ কৰা বৰেণ্য ব্যক্তিৰ সানিধ্যই জীৱন সাৰ্থক কৰে বুলি অভিহিত কৰে।দিনজোৰাকৈ আয়োজিত এই অনুষ্ঠানত শীক্ষাৰ্থীসকলে পৰিবেশন কৰা উপৰি তেওঁলোকৰ মাজত বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4392fc17-4d48-4ed2-934b-8ceda466941b/ac0b69da_9e91_4850_a698_5573350fb082.jpg)
উক্ত সভাতে ভাষণ প্ৰসংগত আন এগৰাকী অতিথি প্ৰকাশ মহন্তই ১৯৯২ চনত হেমচন্দ্ৰ বৰুৱাই প্ৰতিষ্ঠা কৰা এই বিদ্যা মন্দিৰে চলিত বৰ্ষত ৩১ বছৰত ভৰি দিয়াৰ কথা উল্লেখ কৰি আগন্তুক বৰ্ষটো বিশেষভাবে উদযাপনৰ লক্ষ লৈ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/07c04702-8752-43e8-ae24-1582287c11e5/b50becc8_22a6_4728_82be_d96191a0b429.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c9861cec-3c82-4300-88d1-f0f49666687c/314d6324_38b8_4ecf_a6cc_db78267fda18.jpg)
Also Read: "শিলসাঁকোত গায়ত্ৰীক দিয়া নাছিল ডিউটি, লাভ কৰা নাই ছুইছাইড নোট"- মহানগৰ আৰক্ষী