গুৱাহাটীৰ ভাড়া ঘৰত উদ্ধাৰ ধেমাজিৰ অনুষ্কাৰ মৃতদেহ...

গুৱাহাটীৰ ভাড়া ঘৰত উদ্ধাৰ ধেমাজিৰ অনুষ্কাৰ মৃতদেহ...

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ ভাড়া ঘৰত উদ্ধাৰ ধেমাজিৰ অনুষ্কাৰ মৃতদেহ...

গুৱাহাটীৰ ভাড়া ঘৰত উদ্ধাৰ ধেমাজিৰ অনুষ্কাৰ মৃতদেহ...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। এইবাৰ স্থান মহানগৰীৰ হেঙেৰাবাৰী। অঞ্চলটোৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়া ঘৰত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ।

Advertisment

জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ ধেমাজিত। তেওঁৰ নাম অনুষ্কা শইকীয়া। কি কাৰণত তেওঁৰ মৃত্যু হ'ল সেই বিষয়ে এতিয়াও কোনো তথ্যা লাভ কৰা নাই।

ঘটনাস্থলীত উপস্থিত হৈছে দিছপুৰ আৰক্ষী। প্ৰায় এটা বছৰ পূৰ্বে গুৱাহাটীলৈ অহা অনুষ্কাই এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আনহাতে ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনছিকৰ দল। এয়া আত্মহত্যা নে হত্যা সেয়া সম্পূৰ্ণ তদন্তৰ পাছতহে জানিব পৰা যাব।

জানিব পৰা মতে অনুষ্কাৰ সৈতে আছিল এগৰাকীৰ বনকৰা মহিলা। এই বনকৰা মহিলাগৰাকীৰ নাম জোন বৰা। আৰক্ষীয়ে জোন বৰাক ঘটনা সন্দৰ্ভত সোধাপছ কৰিছে যদিও এতিয়াও কোনো তথ্যই লাভ কৰা নাই।

Also Read: তিনি দিনীয়াকৈ বৰদলনি মাইছা চাপৰি গাঁৱত ৰাস মহোৎসৱঃ সোণালী জয়ন্তী উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা...

মৃতদেহ উদ্ধাৰ