/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3685eb04-bbf3-4979-ab56-5f64c3d52903/raas_26.jpg)
তিনিদিনীয়াকৈ বৰদলনি মাইছা চাপৰি গাঁৱত ৰাস মহোৎসৱঃ সোণালী জয়ন্তী উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা...
ডিজিটেল সংবাদ ধেমাজিঃ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উদুলি মুদুলি ধেমাজি বৰদলনিৰ মাইছা চাপৰি গাঁৱৰ ৰাস মহোৎসৱৰ সোণালীজয়ন্তী ৷ ধেমাজি বৰদলনিৰ মাইছাচাপৰিৰ নাট্য সংঘৰ উদ্যোগত বিগত পঞ্চাশ বছৰে আয়োজন কৰি অহা ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ সোণালী জয়ন্তীৰ প্ৰথমদিনা আজি বৰ্ণময় হৈ উঠে সাংস্কৃতিক শোভাযাত্ৰা ৷
মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই অংশ লোৱা সাংস্কৃতিক শোভাযাত্ৰাটি জিলাখনত বসবাস কৰা প্ৰায় সকলো জাতি-জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শনৰে সমন্বয়ৰ বাৰ্তা প্ৰস্ফুটিত কৰে ৷ সাংস্কৃতিক শোভাযাত্ৰাত তিৱা কৃষ্টি দল, গায়ন বায়ন দল, আয়তী দল, পানী তোলা, বোৱাৰী জেং বিহু, তাই আহোম কৃষ্টি দল, বানাই কৃষ্টি দল, মিচিং গোমৰাগ দল, গোৰ্খা কৃষ্টি দল, হাজং কৃষ্টি দল, ৰাভা কৃষ্টি দল, অসমীয়া বিহু দল, জালোৱা জাকৈয়া দল, দেউৰী কৃষ্টি দল, লেছেৰি বিহু, ৰাজবংশী কৃষ্টি দল, জেং বিহু, চাহ জনগোষ্ঠী, বড়ো কৃষ্টি, মাছ ধৰা প্ৰদৰ্শন, পূৰ্ণ ৰাসলীলাৰ বিভিন্ন দৃশ্য আৰু চৰিত্ৰ প্ৰদৰ্শন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷
প্ৰণিধানযোগ্য যে প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘৰ এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ বৰদলনি অঞ্চল পৰিভ্ৰমণ কৰে আৰু সোণালী জয়ন্তী মহোৎসৱৰস্হলীত সামৰণি মাৰে ৷ প্ৰণিধানযোগ্য যে তিনিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা সোণালী জয়ন্তী মহোৎসৱৰ দেওবাৰৰ প্ৰথমদিনা পুৱা ৯ বজাত পৰিবেশ কৰ্মী টিকেন কাকতিয়ে বৃক্ষ ৰোপণ কাৰ্য্যসূচী শুভাৰম্ভ কৰাৰ পিছতেই পতাকা উত্তোলনৰ কাৰ্যসূচী অনুষ্ঠিত হয়৷
এক উদুলি মুদুলি পৰিৱেশত আয়তীৰ উৰুলিৰ মাজেৰে সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰে আদৰণী সমিতিৰ সভাপতি ৰুদ্ৰকান্ত ভৰালীয়ে ৷ স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আদৰণী সমিতিৰ মুখ্য সম্পাদক নিৰণ দত্তই আৰম্ভ কৰাৰ পিছতে সোণালী জয়ন্তীৰ স্হায়ী তোৰণ উন্মোচন কৰে বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পৱিত্ৰ বুঢ়াগোহাঁয়ে ৷
উল্লেখযোগ্য এই সোণালী জয়ন্তী মহোৎসৱৰ অহা ২৮ নৱেম্বৰত সামৰণি পৰাৰ বিপৰীতে তিনিওদিনতে মঞ্চস্হ হ'ব ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণ ৰাসলীলাৰ নাট্যাভিনয় ৷
Also Read: মাজুলী মিউজিক ফেষ্টিভেলত উদ্ধাৰ বেগে বেগে দেশী, বিদেশী সুৰা...