মহানগৰীত পুনৰ উদ্ধাৰ হৈছে এটা মৃতদেহ।
এইবাৰৰ স্থান মহানগৰীৰ ভৱানীপুৰ।
ভৱানীপুৰত উদ্ধাৰ হোৱা মৃতদেহটো গৌতম গোহাঁই নামৰ এজন যুৱকৰ।
নিজ গৃহৰ পিছফালে উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ।
যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল গৌতম গোহাঁই।
গৌতমৰ নিৰুদ্দেশ সন্দৰ্ভত নুনমাটি থানাত পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ।
জানিব পৰা মতে যুৱকজনৰ মোবাইল ফোনৰ অন্তিম লোকেশ্যন দেখুৱাইছিল চন্দ্রপুৰ।
সন্দেহ অনুসৰি গৌতম গোহাঁইক হত্যা কৰি মৃতদেহ ঘৰৰ পিছফালে পেলাই থৈ যোৱা হৈছে।