/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3fc94a92-844d-4a31-b9b2-239fad84fafc/bhutan_20.jpg)
মন গলেই যাব পাৰিব ভূটান ! কোকৰাঝাৰৰ পৰা আৰম্ভ হ'ব ৰে'ল সেৱা...
ডিজিটেল সংবাদ চিৰাং: বি টি আৰৰ ৰাজধানী কোকৰাঝাৰৰ পৰা চিৰাঙৰ মাজেৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফু লৈকে সংযোগী প্ৰস্তাৱিত ৰে'ল যোগাযোগ ব্যৱস্থা বাস্তৱায়িত হোৱাৰ পথত । ইতিমধ্যে ভাৰতীয় ৰে'লবিভাগৰ শীৰ্ষ বিষয়াৰ তত্ত্বাৱধানত নতুন ৰে'ল পথৰ জৰীপ তথা পৰ্য্যবেক্ষণৰ কাম সম্পূৰ্ণ কৰি তুলিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/bb589800-e007-4947-9efc-e439045778c2/51e7f499_eb73_49b0_b088_4d05b08d81ff.jpg)
আজি উত্তৰ পূৰ্বাঞ্চল ৰে'লৰ আলিপুৰ দুৱাৰ মাণ্ডলিক প্ৰৱন্ধক দিলিপ কুমাৰ সিঙৰ নেতৃত্বত এটা বিশেষজ্ঞ দল চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এলেকাত পৰিদৰ্শন কৰে । আলিপুৰ দুৱাৰ মাণ্ডলিক প্ৰবন্ধক গৰাকীয়ে সদৰি কৰে যে. যোৱা তিনি মাহৰ পৰা কোকৰাঝাৰৰ পৰা চিৰাং জিলা হৈ ভূটানলৈকে প্ৰস্তাৱিত ৰে'লপথ জৰীপৰ কাম চলি আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/6faf1987-77de-4d78-a9d6-fd62d3fa5c65/5125ef9a_3a89_466d_ace2_35db4260da8c.jpg)
কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু লৈ সংযোগী ৬১ কি:মি: দুৰত্বৰ ৰে'লপথত মুঠ ৬ টা ৰে'লষ্টেচন হ'ব । ইয়াৰে এটা ৰে'লষ্টচনত ভূটানৰ গেলেফু চহৰত হ'ব আৰু বাকি পাঁচটা কোকৰাঝাৰ আৰু চিৰাং জিলাত হ'ব বুলি জানিবলৈ দিয়ে ।
ভাৰতৰ পৰা প্ৰথমবাৰৰ বাৱে ভূটানলৈ ৰে'লপথৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ লগে লগে অঞ্চলটো ব্যৱসায়িক দিশত যথেষ্ট উন্নত হ'ব বুলি ধাৰণা কৰা হৈছে। আজি পৰিদৰ্শনকাৰী ৰে'লবিভাগৰ দলটো চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বিভিন্ন অঞ্চলৰ উপৰি ভূটানতো প্ৰৱেশ কৰি জৰীপৰ কামকাজৰ বুজ লয় ।
Also Read: নিৰ্বাচনী সভাতেই অসুস্থ হৈ মৃত্যুক সাৱটিলে মেঘালয়ৰ প্ৰাক্তন গৃহমন্ত্ৰীয়ে...