দুৰ্গা পূজাৰ উচাহৰ মাজতে মহানগৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ

দুৰ্গা পূজাৰ উচাহৰ মাজতে মহানগৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে মঙলবাৰে গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ। তিলেশ্বৰ দাস নামৰ লোকজনে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে।

হেঙেৰাবাৰীৰ এল পি স্কুলৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো। মৃত যুৱকজন নলবাৰীৰ খগেন দাস বুলি চিনাক্ত কৰা হৈছে। নিহত লোকজন পেছাত এগৰাকী ই-ৰিক্সাচালক বুলি জানিব দিয়ে স্থানীয় ৰাইজে।

জানিব পৰা মতে, মঙলবাৰে পুৱাই মৃত খগেন দাস আৰু হত্যাকাৰী তিলেশ্বৰ দাসৰ মাজত মাজত সংঘাতৰ সৃষ্টি হৈছিল। আৰু সেই সংঘাতৰ ফলতেই তিলেশ্বৰ দাসে হানি-খুছি হত্যা কৰা খগেন কলিতাক হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। ইতিমধ্যেই দিছপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে বৰ্তমান পলাটক তিলেশ্বৰ দাসক বিছাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব দিয়ে।

দুৰ্গা পূজাৰ উচাহৰ মাজতে মহানগৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ
আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে কণমানিয়ে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in