আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে কণমানিয়ে

আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে কণমানিয়ে

ডিজিটেল ডেস্কঃ পূজাৰ আনন্দৰ মাজতে মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে সন্ধিয়া আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰাণৰ মাহমৰাত প্রাণ গ’ল এটি কণমানিৰ। মৃত কণমানিটি মাহমৰাৰ বৰবিল গাঁৱৰ ৰশ্মিতা গড় বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি সোমবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত মাকৰ সৈতে পূজা চাবলৈ পথেৰে গৈ থকা অৱস্থাতে পিছফালৰ পৰা বামুণবাৰীৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া অনুপ গায়নৰ বিলাসী বাহনে খুন্দা মাৰে ৰশ্মিতাক। এই ঘটনা সংঘটিত কৰি অনুপ গায়নে ঘটনা স্থলীৰ পৰা পলাবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে তেওঁক আগভেটি ধৰি আহত ৰশ্মিতাক হাস্পতাললৈ নিবলৈ কয়।

আৰক্ষী বিষয়াজনে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আৰক্ষী চকীত থৈ আহি বেলেগ বাহনেৰে কণমানিজনাক হাস্পতাললৈ নিয়াৰ কথা কৈ ঘটনাস্থলীৰ পৰা আৰক্ষী চকীলৈ গুছি যায়। বহুসময় ধৰি আৰক্ষী চকীৰ পৰা কোনো বাহন প্ৰেৰণ নকৰাত পৰিয়ালৰ লোকে ই-ৰিক্সা এখনত আঘাতপ্ৰাপ্ত ৰশ্মিতাক আৰক্ষী চকীলৈ লৈ যায়। তাৰপিছত আৰক্ষী চকীৰ পৰা এখন বাহন যোগে ততাতৈয়াকৈ কণমানি ৰশ্মিতাক ডিব্রুগড় মেডিকেললৈ প্রেৰণ কৰা হয় যদিও ডিব্রুগড় মেডিকেলতে প্রাণ হেৰুৱায় শিশুটিয়ে।

জানিব পৰা মতে, ভাৰপ্রাপ্ত বিষয়া অনুপ গায়নৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰশ্মিতাৰ পৰিয়ালৰ লোকে।

আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে কণমানিয়ে
দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱত ৰাজনাথ সিং

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in