ছয় মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ

ছয় মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
ছয় মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ হৈছে যুৱটীৰ মৃতদেহ। মহানগৰীৰ ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

জানিব পৰা মতে, মৃতদেহটো বোকাজানৰ অঞ্জু দৰ্জী নামৰ যুৱতীগৰাকীৰ। যোৱা শুকুৰবাৰে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি, ওচৰ চুবুৰীয়াই উক্ত ফ্লেটটোৰ পৰা দুৰ্গন্ধ ওলোৱাত ফ্লেটটোৰ স্বত্বাধিকাৰীক খবৰ দিয়ে। তাৰ পিছত ফ্লেটটোৰ স্বত্বাধিকাৰী আহি ফ্লেটটোৰ দৰ্জাখন খোলা অৱস্থাত প্ৰত্যক্ষ কৰে। ভিতৰলৈ সোমাই গৈ বিচনাত বাগৰি থকা অৱস্থাত স্বত্বাধিকাৰীজনে মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

উল্লেখ্য যে, অঞ্জু দৰ্জী নামৰ যুৱটীগৰাকীয়ে পূৰ্বাচা এপাৰ্টমেণ্টত মণি খান নামৰ এজন যুৱকৰ সৈতে একেলগে বাস কৰিছিল বুলি জানিব পৰা গৈছে। অঞ্জুৰ মৃত্যুৰ পিছৰে পৰা বৰ্তমানলৈ কোনো সন্ধান নাই মণি খানৰ। মনি খামৰ মোবাইল চুইচ অভ হৈ থকা বুলিও জানিব পৰা গৈছে।

উক্ত ঘটনা সন্দৰ্ভত এপাৰ্টমেণ্টৰ আৱাসীয়ে দিছপুৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে বুলি জানিব পৰা গৈছে।

Also Read: সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান : অমৃতসৰত চীনত নিৰ্মিত ড্ৰ’ন উদ্ধাৰ

dead body found