সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান : অমৃতসৰত চীনত নিৰ্মিত ড্ৰ’ন উদ্ধাৰ

সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান : অমৃতসৰত চীনত নিৰ্মিত ড্ৰ’ন উদ্ধাৰ

ডিজিটেল ডেস্কঃ দেওবাৰে পঞ্জাৱৰ অমৃতসৰৰ নেষ্টা গাঁৱত সীমান্ত সুৰক্ষা বাহিনী আৰু পঞ্জাৱ আৰক্ষীৰ যৌথ দলে এখন ড্ৰ’ন উদ্ধাৰ কৰে। এক আনুষ্ঠানিক বিবৃতি অনুসৰি, অমৃতসৰৰ নেষ্টা গাঁৱৰ উপকণ্ঠৰ পৰা উদ্ধাৰ কৰা ড্ৰ’নখন চীনত নিৰ্মিত এখন কোৱাডকপ্টাৰ।

আনুষ্ঠানিক বিবৃতি অনুসৰি, দেওবাৰে ৰাতিপুৱাৰ সময়ত ড্ৰ’নৰ উপস্থিতিৰ সন্দৰ্ভত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অমৃতসৰৰ নেষ্টাৰ গাঁৱৰ বাহিৰৰ অঞ্চলত বিএছএফ আৰু পঞ্জাৱ আৰক্ষীয়ে যৌথ অনুসন্ধান অভিযান আৰম্ভ কৰে। পুৱা ৯:৪৫ বজাত অভিযান চলোৱা হয় আৰু ড্ৰ’নখন গাঁৱৰ কাষৰীয়া এখন পথাৰৰ পৰা উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে, শুকুৰবাৰেও বি এছ এফে পঞ্জাৱৰ টাৰ্ণ তাৰান জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত চীনত নিৰ্মিত পাকিস্তানী কোৱাডকপ্টাৰ ড্ৰ’ন উদ্ধাৰ কৰিছিল।

বিষয়াসকলে জনোৱা মতে, উদ্ধাৰ হোৱা ড্ৰ’নখন আছিল মডেল ডিজেআই মেভিক ৩ ক্লাছিকৰ কোৱাডকপ্টাৰ।

সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান : অমৃতসৰত চীনত নিৰ্মিত ড্ৰ’ন উদ্ধাৰ
বহিঃৰাজ্যৰ ২ নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in