/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মহানগৰীৰ আঠগাঁৱত মৃতদেহ উদ্ধাৰ।
আঠগাঁৱৰ কেডাৰ ৰোডৰ বাইলেন নং ৩ত উদ্ধাৰ মৃতদেহটো।
বাথৰুমত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ।
মৃতদেহটো বিহাৰৰ অৰুণ কুমাৰ জয়ছোৱাল নামৰ লোকজনৰ।
কৰ্মসূত্রে গুৱাহাটীত পুত্র বিনয় কুমাৰ জয়ছোৱালৰ সৈতে ভাড়াঘৰত আছিল।
পাইকাৰী এখন চকলেট দোকানত কৰ্মৰত আছিল মৃত অৰুণ কুমাৰ।
বৰ্তমানেও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
Also Read: নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা