'অন্তিম নিৰ্ণয়'লৈ দাদা চাহেব ফাল্কে আইকণ এৱাৰ্ড

'অন্তিম নিৰ্ণয়'লৈ দাদা চাহেব ফাল্কে আইকণ এৱাৰ্ড

ডিজিটেল সংবাদ,গুৱাহাটী : বিশিষ্ট সংগীত পৰিচালক অবনী ৰঞ্জন পাঠক পৰিচালিত আৰু যুৱ ব্যৱসায়ী তথা চলচিত্ৰ অনুৰাগী কুশান চৌধুৰী প্ৰয়োজিত ছবি “অন্তিম নিৰ্ণয়” ( The last decision)লৈ "দাদা চাহেব ফাল্কে আইকণ এৱাৰ্ড" সন্মান আগবঢ়োৱা হৈছে। ইয়াৰোপৰি পুডুচেৰীৰ "MOKKHO INTERNATIONAL FILM FESTIVAL AWARD" বঁটাৰে বিভূষিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

MOKKHO INTERNATIONAL FILM FESTIVAL ৰ The best Debut film maker শিতানত পুৰস্কৃত ছবিখনত অভিনয় কৰিছে চেতনা দাস, ভাৰ্গব কটকী, পংকজ পল্লৱ শৰ্মা, প্ৰাণকৃষ্ণ মহন্ত, জুলি দাস, হীমজ্যোতি মেধি, নিহা দাস, বিতোপন ৰাজবৰা,শিশু শিল্পী ভাৰ্গৱ ডেকা, ঋৰাণ শৰ্মা, ছৱি কাত্যায়ণ আদিয়ে । মুখ্য সহকাৰী পৰিচালক লৰ্ড দাস, সহকাৰী পৰিচালক অসীমা চৌধুৰী আৰু অভিজিৎ চলিহা।

সংগীত পৰিচালনা কৰিছে প্ৰশান্ত কুমাৰ দাসে । গীত ৰচনা কৰিছে মৃণাল পী জ্যোতি আৰু শান্তি শ্ৰী দত্তই । কেমেৰা প্ৰসেনজিৎ দেৰ । অচিৰেই ৰাজ্যখনৰ ছবিগৃহত 'অন্তিম নিৰ্ণয়' মুক্তি পাব বুলি জানিবলৈ দিয়ে।

'অন্তিম নিৰ্ণয়'লৈ দাদা চাহেব ফাল্কে আইকণ এৱাৰ্ড
টাই আহোম যুৱ পৰিষদৰ উদ্যোগত মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in