/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3dfb3ba7-b737-45ae-b1d0-f46588cf259a/cycle_rally.jpg)
চাইকেল ৰেলী
ডিজিটেল ডেস্কঃ ভেণ্টেজ চাৰ্কোলৰ কৰ্মচাৰীসকলৰ সহযোগত চাইকেল ৰেলী। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে গুৱাহটীৰ ছয়মাইলস্থিত মানৱ সম্পদ সেৱা আগবঢ়োৱা ব্যক্তিগত প্ৰতিষ্ঠান ভেণ্টেজ চাৰ্কোলৰ কৰ্মচাৰীসকলৰ সহযোগত এক চাইকেল ৰেলীৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a9d0e4ef-e594-4e33-9e6e-df65778f195c/a2a9d1be_293a_41e6_b642_7d4765c7a4ad.jpg)
সংস্থাটিয়ে জনোৱা অনুসৰি শাৰীৰিক সুস্থতাক প্ৰসাৰিত কৰা আৰু কৰ্মচাৰীসকলৰ মাজত সুস্থ জীৱনশৈলীক উৎসাহিত কৰাৰ উদ্দেশ্যে ভেণ্টেজ চাৰ্কোলৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপ। ১৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰমি এই ৰেলীত ভেণ্টেজ চাৰ্কোলৰ কৰ্মচৰীসকলে অংশগ্ৰহণ কৰে।
স্বাস্থ্য হৈছে সুখী জীৱনৰ মূল চাবিকাঠি। বিশ্ব স্বাস্থ্য দিৱসৰ এইবাৰৰ বিষয় ‘সকলোৰে বাবে স্বাস্থ্য’ৰ প্ৰতি লক্ষ্য ৰাখি চাইকেল চলোৱাৰ জৰিয়তে সুস্থ জীৱন-যাপনৰ বাৰ্তা প্ৰচাৰ কৰা ভেণ্টেজ চাৰ্কোলৰ মূল লক্ষ্য। এই পদক্ষেপে কৰ্মচাৰীসকলক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ আৰু তেওঁলোকৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ যত্ন ল’বলৈও উৎসাহিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2eeff3de-b688-4779-a944-c80fb264563d/a925bfd1_8265_47f7_844a_2d6519949ad8.jpg)
এই পদক্ষেপ সন্দৰ্ভত ভেণ্টেজ চাৰ্কোলৰ চি টি অ’ তথা সহ-প্ৰতিষ্ঠাপক অঞ্জন পাঠকে মন্তব্য প্ৰকাশ কৰি কয় “বিশ্ব স্বাস্থ্য দিৱসত চাইকেল ৰেলীৰ আয়োজন কৰি আমি উৎফুল্লিত হৈছোঁ। আমাৰ বাবে কৰ্মচাৰীসকলেই হৈছে সৰ্বোচ্চ সম্পদ, আৰু এনে এক কাৰ্যসূচী আয়োজন কৰিলে তেওঁলোকৰ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে লাভৱান হোৱাত সহায়ক হ’ব।"
লগতে উল্লেখ কৰে ”আমি আমাৰ উপলব্ধ সেৱা সমূহৰ জৰিয়তে কৰ্মচাৰীৰ স্বাস্থ্য আৰু মংগলৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। চাইকেল ৰেলী আয়োজনৰ জৰিয়তে স্বাস্থ্যসন্মত জীৱনশৈলীক প্ৰসাৰিত কৰাৰ লগতে আমাৰ কৰ্মচাৰীসকলক তেওঁলোকৰ শাৰীৰিক আৰু মানসিক সুস্থতাক অগ্ৰাধিকাৰ দিবলৈ উৎসাহিত কৰাটো আমাৰ মূল উদ্দেশ্য।”
Also Read: নামৰূপত ৰাজ্যবাসীৰ বাবে এটাৰ পাছত আনটো ভাল খবৰঃ কাৰ্যক্ষম হ'ল মিঠানল প্ৰকল্প