/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a61769ef-346e-46bb-9e42-e5ce11b9acc9/namrup.jpg)
ডিজিটেল সংবাদ, নামৰূপ : নামৰূপত আবতৰীয়া দেৱালী। শুক্ৰবাৰে মাজনিশা প্ৰায় ১.৩০ বজাত নামৰূপৰ আকাশত আতচবাজিৰ শব্দ। উৎফুল্লিত নামৰূপবাসী।
ইয়াৰ কাৰণ হ'ল নামৰূপস্থিত অসম পেট্ৰ'কেমিকেল লিমিটেড প্রাংগনত বহু মাহ ধৰি দিনে নিশাই একাকাৰ কৰি সেৱা আগবঢ়োৱাৰ অন্তত মাজনিশা ১.৩০ বজাত কাৰ্যক্ষম হয় এ পি এলৰ নৱনিৰ্মিত ৫০০ টন মিঠানল প্ৰকল্পই বাণিজ্যিক উৎপাদন ক্ষমতা। প্ৰায় ৬টা বছৰে বাট চাই থকা বহু প্ৰত্যাশিত ঐতিহাসিক ক্ষণটো সন্মুখত পাই এ পি এলৰ বিষয়া শ্ৰমিক কৰ্মচাৰী ,নামৰূপৰ ৰাইজ আনন্দত আত্মহাৰা হৈ পৰে ।
এনে উৎসৱমুখৰ পৰিবেশত উদ্যোগটোৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে ই কেৱল এ পি এল বাসী বা নামৰূপ বাসীৰ বাবেই ভাল খবৰ নহয় সমগ্ৰ অসমবাসীৰ বাবেই এক ঐতিহাসিক বাৰ্তা। অধ্যক্ষ ডেকাই কয় যে কোভিড কালকে মুখ্য কৰি নানান বাধা বিঘিনি অতিক্রমি এ পি এলে আজি এই সফলতাৰ মুখ দেখিছে।
তেওঁ প্ৰকল্পটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাবে জড়িত সকলো ব্যক্তিক ধন্যবাদ জনাই কয় যে "ই কাৰো একক প্ৰচেষ্টাৰে ফল নহয়। এয়া হ'ল সামূহিক প্ৰচেষ্টা ত্যাগৰ ফল।" তেওঁ প্ৰাক্তন পৰিচালন সঞ্চালক ক্ৰমে ৰাতুল বৰদলৈ, অতুল বৰ্মন আৰু ২০২১ বৰ্ষৰ নৱেম্বৰ মাহত যোগদান কৰা পৰিচালন সঞ্চালক ৰাজনিশ গগৈৰ ঐক্লান্তিক প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে।
প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তদাৰকী আৰু প্রচেষ্টা, প্ৰাক্তন উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বৰ্তমানৰ উদ্যোগ মন্ত্ৰী বিমল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, স্থানীয় বিধায়ক তৰংগ গগৈ, স্থানীয় দল সংগঠনৰ সহযোগিতাক এই ঐতিহাসিক ক্ষণত সুঁৱৰি কৃতজ্ঞতা জনায়। অধ্যক্ষগৰাকীয়ে এ পি এল ৰ প্ৰতিগৰাকী নিপুণ অভিযন্তা, কাৰিকৰী বিষয়া শ্ৰমিক কৰ্মচাৰীৰ নিৰবিছিন্ন সেৱাক স্বীকৃতি দিয়াৰ লগতে নিৰ্মাণ গোষ্ঠী ভেল(BHEL) , টাটা কঞ্চাল্টেন্সীকো ধন্যবাদ জ্ঞাপন কৰে।
অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে এ পি এলৰ এই নতুন প্ৰকল্পই দেশৰ অৰ্থনৈতিক বিকাশত প্ৰত্যক্ষভাবে প্ৰভাৱ পেলাব আৰু শিক্ষিত নিবনুৱাসকলক কৰ্মৰ সন্ধান দিব। উল্লেখযোগ্য যে ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্য ভ্ৰমণলৈ আহি গুৱাহাটীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সেই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেলি এ পি এলৰ উক্ত প্ৰকল্পটো উদ্বোধন কৰি ৰাজ্যবাসীৰ বাবে উচৰ্গা কৰিব বুলি উল্লেখ কৰে। অৱশ্যে এই ক্ষেত্ৰত বৰ্তমানলৈকে কোনো লিখিত নিৰ্দেশনা পোৱা নাই বুলিও উল্লেখ কৰে অধ্যক্ষ বিকুল ডেকাই।
Also Read: গহপুৰত বিজেপিৰ অবিচি মৰ্চাৰ "গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ" কাৰ্যসূচী ৰূপায়ণ...