গুৱাহাটী
চাইবাৰ অপৰাধীৰ টাৰ্গেট শিক্ষানুষ্ঠান : ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল
বশিষ্ঠ থানাত উপস্থিত হৈ ভুক্তভোগী ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষীৰ সহায় বিচাৰিছে
ডিজিটেল ডেস্ক : চাইবাৰ অপৰাধীৰ জালত পৰিছে মহানগৰীৰ ভালেসংখ্যক শিক্ষাৰ্থী। চাইবাৰ অপৰাধীৰ টাৰ্গেট হৈছে বেলতলা কণিষ্ঠ মহাবিদ্যালয়ৰ অৰ্ধশতাধিক শিক্ষাৰ্থী।
জানিব পৰামতে কোনো দুষ্ট চক্ৰই মহাবিদ্যালয়খনৰ বহু কেইগৰাকী ছাত্ৰীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ভাইৰেল কৰিছে সামাজিক মাধ্যমত। বিগত ২৩ ছেপ্তেম্বৰৰ পৰা সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটো কাণ্ড।
ইতিমধ্যে বশিষ্ঠ থানাত উপস্থিত হৈ ভুক্তভোগী ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষীৰ সহায় বিচাৰিছে।