গুৱাহাটী প্ৰেছ ক্লাবত সাংস্কৃতিক আলোচনী "দাপোন" উন্মোচন

গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচিত হ'ল ষান্মাসিক সাংস্কৃতিক আলোচনী "দাপোন"।

author-image
Asomiya Pratidin
New Update
গুৱাহাটী প্ৰেছ ক্লাবত সাংস্কৃতিক আলোচনী "দাপোন" উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচিত কৰা হয় ষান্মাসিক সাংস্কৃতিক আলোচনী "দাপোন"। সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ মুখ্য সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিক কৰ্মী মনোৰঞ্জন কলিতাৰ সম্পাদনাৰে "দাপোন" উন্মোচন কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই।

Advertisment

বৰ্তমান পাঠকৰ মাজত হেৰাই যোৱা গ্ৰন্থৰ মাদকতা, ডিজিটেল মাধ্যমে গ্ৰাস কৰা ছপা মাধ্যমৰ জনপ্ৰিয়তা আদি প্ৰত্যাহ্বানক নেওচি পাঠকৰ বাবে মুকলি কৰা হয় "দাপোন"। অনুষ্ঠানত সুকণ্ঠী গায়িকা তৰালী শৰ্মা, অভিনেতা যতীন বৰাইও অংশগ্ৰহণ কৰে। অসমৰ পাঠক সমাজে "দাপোন" নামৰ গ্ৰন্থখনি আদৰি ল'ব বুলি আশাবাদী মুখ্য সম্পাদক দিনমনি ভাণ্ডাৰ কায়স্থ।

Also Read: ৰাজ্যবাসীৰ বাবে আশাব্যঞ্জক খবৰঃ শিলঘাট জুট মিলে আনিলে সুবাৰ্তা

guwahati press club