ৰাজ্যবাসীৰ বাবে আশাব্যঞ্জক খবৰঃ শিলঘাট জুট মিলে আনিলে সুবাৰ্তা

নগাঁৱত শিলঘাট জুট মিলৰ পঞ্চদশ বাৰ্ষিক সাধাৰণ সভাঃ ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ লাভ-লোকচানৰ প্ৰতিবেদন দাখিল...

author-image
Asomiya Pratidin
New Update
ৰাজ্যবাসীৰ বাবে আশাব্যঞ্জক খবৰঃ শিলঘাট জুট মিলে আনিলে সুবাৰ্তা

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যবাসীৰ বাবে এক সুখবৰ । সমবায় আন্দোলনৰ অন্যতম ধ্বজ্বাবাহক তথা অসম চুক্তিৰ স্বাক্ষৰ বহনকাৰী শিলঘাটস্থিত অসম সমবায় মৰাপাট কলে শেহতীয়াকৈ লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে । ২০২২ বৰ্ষত ১ লাখ ৮৩ হাজাৰ টকা লাভ হোৱাৰ বিপৰীতে ২০২৩ বৰ্ষৰ ৩১ মাৰ্চলৈকে ১ লাখ ৪৮ হাজাৰ টকাৰ লাভ আদায় কৰিবলৈ সক্ষম হৈছে । শনিবাৰে নগাঁৱত অনুষ্ঠিত হোৱা "দি আসাম কো-অপাৰেটিভ জুট মিলচ্ লিমিটেড"ৰ পঞ্চদশ বাৰ্ষিক সাধাৰণ সভাৰ প্ৰতিবেদনত উন্মোচিত হৈছে এই আশাব্যঞ্জক খবৰ।

Advertisment

নগাঁও চহৰৰ আমোলাপট্টিৰ নাট্য মন্দিৰত অনুষ্ঠিত এই বাৰ্ষিক সাধাৰণ সভাখনত পৌৰহিত্য কৰে অসম সমবায় মৰাপাট কলৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই। জুট মিলৰ পৰিচালন সঞ্চালক গুণমণি গগৈ আদিকে ধৰি বহু কেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থকা এই সভাতেই ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ লাভ-লোকচানৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে ২০২৩-২০২৪ বৰ্ষৰ বিত্তীয় প্ৰাককলন আৰু উৎপাদন আচঁনিৰ অনুমোদন গ্ৰহণ কৰা হয় । উল্লেখ্য যে, সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা শিলঘাট মৰাপাট কলৰ উৎপাদন গোটত তিনি শতাধিক পৰিয়ালে সংস্থাপন লাভ কৰাৰ উপৰিও স্থানীয় কৃষকসকলো উপকৃত হৈ আহিছে ।

Also Read: হাংজৌত লাভলীনাই ৰচিলে পেৰিছৰ সপোন

GOVT OF ASSAM