ক্রিটিকেল কেয়াৰ চিকিৎসালয়ত ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মহিলাৰ...
গুৱাহাটী
ক্রিটিকেল কেয়াৰ চিকিৎসালয়ত ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মহিলাৰ...
মহানগৰীত চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু এগৰাকী মহিলাৰ।
এই গুৰুতৰ অভিযোগ মৃত মহিলাগৰাকীৰ পৰিয়ালৰ।
লখৰাস্থিতি ক্রিটিকেল কেয়াৰ চিকিৎসালয়ত সংঘটিত এই ঘটনা।
মহিলাগৰাকীৰ মৃত্যুৰ পিছতে চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতি।
চিকিৎসালয়খনত উপস্থিত আৰক্ষী তথা প্রশাসনৰ লোক।
চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল নলবাৰী কৈঠালকুছিৰ এগৰাকী মহিলা।
মৃত মহিলাগৰাকীৰ নাম পুতুলী হালৈ।
গোল্ড ব্লাডাৰৰ অস্ত্রোপচাৰৰ বাবে ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক।
অস্ত্রোপচাৰ সম্পন্ন হোৱাৰ পিছতো সাক্ষাৎ কৰিবলৈ দিয়া নাছিল পৰিয়ালক।
পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অৱনতি দেখুৱাই স্থানান্তৰ কৰিছিল ICUলৈ।
ICUত ৪ দিন থকাৰ পিছত পুতুলী হালৈক মৃত ঘোষণা চিকিৎসকৰ।