গুৱাহাটীৰ ৰাজপথত অকলশৰীয়া মহিলা কিমান সুৰক্ষিত ?

ক্ষেত্ৰত মহিলাৰ নিৰাপত্তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক অনুৰোধ জনাইছে
গুৱাহাটীৰ ৰাজপথত অকলশৰীয়া মহিলা কিমান সুৰক্ষিত ?

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে হত্যা, হিংসা তথা অপৰাধজনিত সমস্যা ৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীত মহিলাৰ নিৰাপত্তাজনিত বিষয়টোৰ ক্ষেত্ৰতো শংকা আহি পৰিছে ৷

মহানগৰীত একাংশ দুষ্ট প্ৰকৃতিৰলোকে অকলশৰীয়াকৈ মহিলাসকলক চলা-ফুৰা কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে ৷ কিছু অসৎ মনোবৃত্তিৰ লোকৰ বাবেই নিৰাপত্তাহীনতাত ভুগিছে মহানগৰীৰ যুৱতী-মহিলাই৷

কিছুদিন পূৰ্বেই মহানগৰীৰ এখন বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী যুৱতীক যোৰপুখুৰীৰ সমীপত অশালীনভাবে শৰীৰত স্পৰ্শ কৰি যোৱাৰ ঘটনা সংঘটিত হৈছিল। এই সম্পৰ্কে যুৱতীগৰাকীয়ে নিজেই সামাজিক মাধ্যমত অভিযোগ উত্থাপন কৰিছিল ৷

এই ঘটনাৰ পিছতেই শেহতীয়াকৈ এজন যুৱকে সামাজিক মাধ্যমৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক টুইটযোগে অভিযোগ কৰিছে। টুইটাৰত যুৱকজনে লিখিছে, গুৱাহাটী ক্লাৱ, যোৰপুখুৰী আদি ঠাইত কিছুমান অচিনাক্ত যুৱকে অকলশৰীয়া যুৱতীক ব্যতিবস্ত কৰি তোলে ৷

এই ক্ষেত্ৰত মহিলাৰ নিৰাপত্তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক অনুৰোধ জনাই যুৱকজনে ৷ যুৱকজনৰ টুইটৰ পিছতেই আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মহানগৰ আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে।

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, য'তে-ত'তে বাহন ৰখোৱা দেখিলেই ফাইন কাটিবলৈ তৎপৰ হৈ থকা মহানগৰ আৰক্ষীয়ে মহিলাৰ নিৰাপত্তাৰ বিষয়টো কিদৰে গুৰুত্ব প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ’ব ৷

গুৱাহাটীৰ ৰাজপথত অকলশৰীয়া মহিলা কিমান সুৰক্ষিত ?
এইবাৰৰ বাজেটত কি কি বিষয়ে পাব স্থান ? মন্ত্ৰী অজন্তা নেওগে ক'লে এইদৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in