এইবাৰৰ বাজেটত কি কি বিষয়ে পাব স্থান ? মন্ত্ৰী অজন্তা নেওগে ক'লে এইদৰে...

এইবাৰৰ বাজেটত কি কি বিষয়ে পাব স্থান ? মন্ত্ৰী অজন্তা নেওগে ক'লে এইদৰে...
এইবাৰৰ বাজেটত কি কি বিষয়ে পাব স্থান ? মন্ত্ৰী অজন্তা নেওগে ক'লে এইদৰে...

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। অহা ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিব ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেট। মূলতঃ দুটা কাৰণত এইবাৰৰ বাজেট বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

২০২৪ ত আছে লোসভাৰ নিৰ্বাচন। লোকসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে ৰণকৌশল প্ৰস্তুত কৰি সমষ্টিয়ে সমষ্টিয়ে নামি পৰিছে। বাদ পৰি থকা নাই বিজেপিও। বৰঞ্চ আন আন ৰাজনৈতিক দলতকৈ এঢাপ আগুৱাই আছে বিজেপি।

ৰাজ্যৰ মুঠ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিৰ হাতত বৰ্তমান আছে ৯ টা লোকসভা সমষ্টি। এই ৯ টা লোকসভা সমষ্টিত ২০১৪ ত বিজেপিয়ে পুনৰ নিজৰ নিজস্ব প্ৰাৰ্থী জয়ী কৰাব পাৰিব বুলি আত্মবিশ্বাসী হৈ আছে।

আনহাতে পূৰ্বতকৈ ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে আসন বৃদ্ধিৰ লক্ষ্য বান্ধি লৈছে। এইবাৰ বিজেপিৰ লক্ষ্য ১২ টা লোকসভা সমষ্টি। তাৰ ভিতৰত বিজেপিৰ বিশেষ তাৰ্গেট কলিয়াবৰ, নগাওঁ আৰু বৰপেটা লোকসভা সমষ্টি।

এই তিনিওটা সমষ্টিতে আছে কংগ্ৰেছৰ প্ৰাৰ্থী। কলিয়াবৰ নিজৰ দখললৈ নিবলৈ ইতিমধ্যে বিজেপিয়ে ৰণকৌশল তৈয়াৰ কৰি সমষ্টিটোৰ প্ৰতিখন গাঁৱে গাঁৱে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ঘূৰিবলৈ আৰম্ভ কৰিছে।

সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী আদিয়েও বিভিন্ন উপলক্ষত কলিয়াবৰ ভ্ৰমণ কৰিবলৈ এৰি দিয়া নাই। এনে প্ৰেক্ষাটত বিজেপিয়ে যে যিকোনো পৰিস্থিতিত ১২ খন আসন দখল কৰিবলৈ বদ্ধ পৰিকৰ সেই কথাৰ ওমান পোৱা গৈছে। গতিকে স্বাভাৱিকতে এইবাৰৰ বাজেটত পৰিব তাৰ প্ৰভাৱ।

আনহাতে দ্বিতিয়টো গুৰুত্বপূৰ্ণ দিশ হৈছে চৰকাৰৰ অৰ্থনৈতিক অৱস্থা। ঋণত ডুবি থকা ৰাজ্য চৰকাৰে এতিয়াও আমোদ, প্ৰমোদ, মনোৰঞ্জনৰ দিশসমূহ বাদ দিয়া নাই। প্ৰতিখন আঁচনিতেই গুৰুত্ব দিছে কেৱল হিতাধিকাৰী সৃষ্টিত।

অৰুণোদয় আঁচনিৰ জৰিয়তে কিমান হিতাধিকাৰী সৃষ্টি কৰিব পাৰিলে তাত হে বেছি গুৰুত্ব চৰকাৰৰ। এনেবোৰ আঁচনিৰ বাবেই চৰকাৰ ঋণৰ বুজা ১ লাখ ২০ কোটিৰো অধিক হৈছেগৈ।

বিহুৰ পূৰ্বেই আৰু ১ হাজাৰ কোটিৰ ঋণ লোৱাৰ প্ৰস্তুতি চৰকাৰ। হয়তো সেই ঋণৰ টকাৰেই বিহুক গীণিজ বুকত স্থান দিয়াৰ চেষ্টা চলাব চৰকাৰে। আনহতে প্ৰায় প্ৰতিখন কেবিনেট বৈঠকতে ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশ্ব বেংকৰ পৰা ঋণ লোৱাৰ কথা উল্লেখ কৰা হৈছে।

গতিকে চৰকাৰে মুকলিকৈ নকলেও ৰাজ্যৰ বিত্তীয় দুৰৱস্থাৰ দিশটো প্ৰতিফলিত হৈছে। এনে প্ৰেক্ষাপটত এইবাৰৰ বাজেট বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে বিত্তমন্ত্ৰী অজন্তা নেওগে অৱশ্যে এইবাৰৰ বাজেটত কি কি বিষয়ে স্থান লাভ কৰিব সেই বিষয়ে এক ইংগিত প্ৰদান কৰিলে। সাংবাদিকৰ আগত মন্ত্ৰী নেওগে ক'লে- ৰাজ্যক সকলোস্তৰৰ জনসাধাৰণকে যাতে উপকৃত কৰিব পাৰে তাৰ ওপৰত প্ৰচেষ্টা চলোৱা হৈছে।

তেওঁ প্ৰকাশ কৰা অনুসৰি এইবাৰৰ বাজেটত যুৱক, যুৱতী, পুৰুষ,মহিলা, শিশু, বৃদ্ধ, বৃদ্ধা, দৰিদ্ৰ, মধ্যবিত্ত সকলো স্তৰৰ মানুহকে সামৰি লোৱা হ'ব। তেওঁ কয়, প্ৰতিখন বাজেটত নতুন আঁচনিৰ অন্তৰ্ভুক্ত হয় আৰু কিছুমান পূৰ্বৰ আঁচনি বাদ দিয়া হয়। মানুহে ভাল ফল লাভ কৰিব পৰা আঁচনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in