গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, আজি অন কেমেৰা হ'ব ভোটগণনা...

গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, আজি অন কেমেৰা হ'ব ভোটগণনা...

ডিজিটেল ডেস্কঃ আজি গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোটগণনা । নিৰ্ণয় হ'ব ২৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । ১০ টা পদৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন । অন কেমেৰা হ'ব এইভোটগণনা । প্ৰতিখন বেলট পেপাৰ মনিটৰত দেখিবলৈ পাব এজেন্টসকলে । শনিবাৰে অনুষ্ঠিত হৈ যায় গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন ।

নিৰ্বাচনত ৫২ টা সংবাদ প্ৰতিষ্ঠানৰ ৯৯৮ গৰাকীৰ ভিতৰত ৯০৬ জন সংবাদকৰ্মীয়ে ভোটদান সাব্য়স্ত কৰিছিল । ইতিমধ্য়েই এগৰাকী প্ৰাৰ্থীয়ে কোনো প্ৰতিদ্বন্দী অবিহনে জয়লাভ কৰিছে। দেওবাৰে পুৱা ৯ বজাৰ পৰা ভোটগণনা সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও কাৰিকৰী দিশৰ বাবে ভোটগণনাত কিছু পলম হৈছে ।

গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, আজি অন কেমেৰা হ'ব ভোটগণনা...
ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ কিশোৰ সন্ধানহীন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in