কটনত সাধাৰণ সম্পাদক পদৰ বাবে পুনৰ হ’ব ভোটগণনা : দুই প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘাতৰ শংকা

কটনত সাধাৰণ সম্পাদক পদৰ বাবে পুনৰ হ’ব ভোটগণনা : দুই প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘাতৰ শংকা
Published on
Updated on

ডিজিটেল ডেস্ক : কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়খনত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে। বিশ্ববিদ্যালয়খনত ৪ অক্টোবৰত ঘোষিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত নিৰ্বাচন পৰিচালনাৰে জড়িত বিষয়ববীয়াৰ ভুলৰ বাবেই এনে পৰিস্থিতি সৃষ্টি হোৱা বুলি অভিযোগ কৰিছে একাংশ কটনৰ ছাত্ৰই।

উল্লেখযোগ্য যে এই ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হৈছিল নীৰৱ হাজৰিকা নামৰ ছাত্ৰগৰাকী। এম এন ডি পি হোষ্টেলৰ বাসিন্দা নীৰৱে মাত্ৰ ১টা ভোটৰ ব্যৱধানত জয়ী হোৱা বুলি নিৰ্বাচনী বিষয়াই ঘোষণা কৰিছিল।

তেঁওৰ প্ৰতিদ্বন্দ্বী কুলদীপ গৌতম শৰ্মাই প্ৰথমে এই পৰাজয় স্বীকাৰ কৰি লৈছিল যদিও তেঁওৰ সমৰ্থকসকলে উত্থাপন কৰা অভিযোগ অনুসৰি ভোটগণনাত বিসংগতি হোৱাৰ বাবে তেঁও পৰাজয়বৰণ কৰিছে।

ৰঙা চিঁয়াহীৰে ভোট প্ৰদান কৰাত কিছু সংখ্যক ভোট গ্ৰহণ আৰু আন কিছু সংখ্যক নাকচ কৰাৰ প্ৰসংগতো উত্থাপন কৰি আৰ কে বি হোষ্টেলৰ আবাসীসকলে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যসহ কৰ্তৃপক্ষকে ধৰি নিৰ্বাচন পৰিচালনাৰে জড়িত কৰ্মকৰ্তাসকলক নিশা কাৰ্যালয়ৰ ভিতৰত আৱদ্ধ কৰি থয়।

নিশা ২-০০ বজালৈকে কটন বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ৰ সন্মুখত কুলদীপ গৌতম শৰ্মাৰ সমৰ্থকসকলে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ অন্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সাধাৰণ সম্পাদক পদৰ বাবে পুনৰ ভোটগণনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তাৰ পাছতেই এম এন ডি পি হোষ্টেলৰ ছাত্ৰ তথা নীৰৱৰ সমৰ্থকসকলে এনে সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰাত বিশ্ববিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ উত্তেজনাময় হৈ পৰে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৭ অক্টোবৰ ১০-০০ বজাৰ পৰা সাধাৰণ সম্পাদক পদৰ ভোটগণনা পুনৰ অনুষ্ঠিত হ’ব বুলি ইতিমধ্যে জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে নীৰৱ হাজৰিকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী হোৱাৰ বিপৰীতে কুলদীপ গৌতম শৰ্মা আছু সমৰ্থিত প্ৰাৰ্থী আছিল।

কটনত সাধাৰণ সম্পাদক পদৰ বাবে পুনৰ হ’ব ভোটগণনা : দুই প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘাতৰ শংকা
ৰাণীত অঘটন : মাৰণাস্ত্ৰৰে চি আৰ পি এফ জোৱানে ল’লে চৰম সিদ্ধান্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in