"কটনিয়ান"ৰ পুৰণি সংখ্যা বিচাৰি আহ্বান...

পূৰ্বৰ কটন কলেজ (বৰ্তমানৰ কটন বিশ্ববিদ্যালয়)ৰ বাৰ্ষিক আলোচনী 'কটনিয়ান'ৰ সম্প্ৰতি শতবৰ্ষ উদযাপন কাৰ্যসূচী অব্যাহত আছে

author-image
Asomiya Pratidin
New Update
"কটনিয়ান"ৰ পুৰণি সংখ্যা বিচাৰি আহ্বান...

ডিজিটেল সংবাদ, গুৱাহাটী: পূৰ্বৰ কটন কলেজ (বৰ্তমানৰ কটন বিশ্ববিদ্যালয়)ৰ বাৰ্ষিক আলোচনী 'কটনিয়ান'ৰ সম্প্ৰতি শতবৰ্ষ উদযাপন কাৰ্যসূচী অব্যাহত আছে (১৯২২-২০২২)। এই উপলক্ষে শিক্ষানুষ্ঠানখনত সংৰক্ষিত হৈ নথকা আলোচনীখনৰ অতীতৰ বিভিন্ন সংখ্যা উদ্ধাৰ কৰাৰ এটি প্ৰচেষ্টা হাতত লোৱা হৈছে।

Advertisment

১৯২২ চনৰ পৰা প্ৰকাশ পাই অহা 'কটনিয়ান'ৰ যিবোৰ সংখ্যা কটন বিশ্ববিদ্যালয়ৰ ড০সূৰ্য্য কুমাৰ ভূঞা পুথিভঁড়ালত সংৰক্ষিত হৈ থকা নাই। সেই সংখ্যাবোৰ হৈছে- ১৯২৪-২৫(সম্পা.: আশুতোষ চেটাৰ্জী), ১৯২৫-২৬(সম্পা.: আশুতোষ চেটাৰ্জী), ১৯২৬-২৭(সম্পা.: আশুতোষ চেটাৰ্জী), ১৯২৭-২৮(সম্পা.: আশুতোষ চেটাৰ্জী), ১৯২৮-২৯( সম্পা.: ড০সূৰ্য্য কুমাৰ ভূঞা), ১৯২৯-৩০(সম্পা.: ড০সূৰ্য্য কুমাৰ ভূঞা আৰু দিবাকৰ গোস্বামী), ১৯৩২-৩৩(সম্পা.: পি জি আব্ৰাহাম আৰু দিবাকৰ গোস্বামী), ১৯৩৫-৩৬(সম্পা.: মেহবুব আলী আৰু প্ৰসাদ চন্দ্ৰ বৰদলৈ), ১৯৩৬-৩৭(সম্পা.: লীলাধৰ কাকতি আৰু মহেশ্বৰ নেওগ), ১৯৩৭-৩৮(সম্পা.: অৱনী কুমাৰ দাস আৰু হেমচন্দ্ৰ চৌধুৰী), ১৯৩৮-৩৯(সম্পা.: প্ৰফুল্ল চন্দ্ৰ গোস্বামী), ১৯৪১-৪২(সম্পা.: ভূপেন্দ্ৰ বৰুৱা), ১৯৪৪-৪৫( সম্পা.: আব্দুছ ছাত্তাৰ), ১৯৪৫-৪৬(সম্পা.: প্ৰশান্ত বৰুৱা), ১৯৪৬-৪৭(সম্পা.: ধীৰেন্দ্ৰ নাথ বৰঠাকুৰ),

১৯৪৭-৪৮(সম্পা.: ঘনকান্ত চেতিয়া ফুকন), ১৯৪৯-৫০(সম্পা.: চৈয়দ মেৰাছ হুছেইন), ১৯৫২-৫৩(সম্পা.: মহম্মদ তাহেৰ), ১৯৫৩-৫৪(সম্পা.: বসন্ত কুমাৰ শইকীয়া), ১৯৫৪-৫৫(সম্পা.: ৰোহিণী কুমাৰ বৰুৱা), ১৯৬৩-৬৪(সম্পা: অৰ্কেন্দু বৰুৱা), ১৯৬৯-৭০(সম্পা.: কুসুম্বৰ ভূঞা), ১৯৭০-৭১(সম্পা.: মণিৰুল হুছেইন), ১৯৭৩-৭৪(সম্পা: ধীৰেন গোস্বামী), ১৯৭৪-৭৫(সম্পা.: মনজিৎ সিং)।

এই "কটনিয়ান" সমূহ যদি কোনো ব্যক্তিৰ লগত বা কোনো পুথিভঁড়ালত সংৰক্ষিত হৈ আছে তেন্তে "কটনিয়ান"ৰ বৰ্তমানৰ সম্পাদক অংকুৰজ্যোতি শৰ্মা (ফোন: ৭০০২৩৮৮২০৩) অথবা কটন বিশ্ববিদ্যালয়ৰ ড০সূৰ্য্য কুমাৰ ভূঞা পুথিভঁড়ালৰ ভাৰপ্ৰাপ্ত গ্ৰন্থগাৰিক ড০সুৰেশ কুমাৰ নাথৰ লগত যোগাযোগ কৰিবলৈ 'কটনিয়ান'ৰ সম্পাদকে এক বিবৃতিযোগে অনুৰোধ জনাইছে।

কোনো সদাশয় ব্যক্তি বা অনুষ্ঠানে 'কটনিয়ান'ৰ ওপৰত উল্লেখিত সংখ্যাবোৰ প্ৰদান কৰিলে ৰাজহুৱাভাৱে প্ৰাপ্তি স্বীকাৰ কৰা হ'ব। উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে ইয়াৰ আগলৈ উপলব্ধ নোহোৱা ১৯৫৬-৫৭ বৰ্ষৰ "কটনিয়ান" খনৰ প্ৰতিলিপি উক্ত সংখ্যাৰ সম্পাদক ড০ শ্যামভদ্ৰ মেধিয়ে কটন পৰিয়ালক আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে।

Also Read: লোকসভাত বিৰোধী সাংসদৰ ড্ৰেছ ক'ড ক'লা- কিন্তু কিয়?

cotton university