/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/67ea7ece-3d39-4603-bd12-13ae69069dec/cotton_15.jpg)
কোনো বাহিৰা প্ৰতিষ্ঠানক হস্তান্তৰ কৰিব নোৱাৰিব কটন বিশ্ববিদ্যালয়ৰ ভূমি...
ডিজিটেল ডেস্কঃ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ভূমি কোনো ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানক গতাব নোৱাৰিব। ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি 'এক্স'ৰ জৰিয়তে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই 'এক্স'ত লিখিছে- ''কটন কলেজ বিশ্ববিদ্যালয়ে কটন কলেজৰ ঐতিহ্য বহন কৰে। অসম চৰকাৰে ইয়াৰ কোনো সম্পত্তি কোনো ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানক 'আউটচৰ্চিং'ৰ অনুমতি নিদিয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনে ধৰণৰ যিকোনো কাৰ্য তৎক্ষণাৎ বন্ধ কৰিব লাগিব।''
উল্লেখ্য যে, কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজা ৰাজহ বৃদ্ধিৰ বাবে বিশ্ববিদ্যালয়খনৰ ভূমি কোনো ব্যক্তি বা বাহিৰা প্ৰতিষ্ঠানক গতাবলৈ সিদ্ধান্ত লৈছিল। বিশ্ববিদ্যালয়খনৰ কাৰ্যকৰী পৰিষদৰ অনুমোদন সাপেক্ষে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কুমাৰ হাজৰিকাৰ নেতৃত্বত এক ৬ জনীয়া কমিটী গঠন কৰিছিল।
এই কমিটীৰ ওপৰত বিশ্ববিদ্যালয়খনৰ ভিতৰৰ ভূমিৰ সন্ধান কৰাৰ লগতে এক মাষ্টাৰ প্লেন তৈয়াৰ কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৩ মে'ত আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত জাননী প্ৰকাশ পোৱাৰ পিছতে সংবাদ মাধ্যমত এই বিষয়ে বাতৰি প্ৰকাশ পায়। পাছত বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এনে প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হয়।
কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল ১৯০১ চনতে স্থাপন হোৱা কটন কলেজক আন্তঃগাঁথনি উন্নয়ন অবিহনেই ২০১৭ ত বিশ্ববিদ্যালয়লৈ ৰাজ্য চৰকাৰে উন্নীত কৰিলে। এখন বিশ্ববিদ্যালয় পৰিচালনাৰ বাবে প্ৰয়োজনীয় অন্যান্য দিশবোৰো এই ক্ষেত্ৰত গুৰুত্বহীন কৰিলে। আজিও বিশ্ববিদ্যালয়খন অনেক সমস্যাৰে ভাৰাক্ৰান্ত।
বিশ্ববিদ্যালয়খনৰ একাধিক বিভাগত নাই অধ্যাপক। আনহাতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হাতত কৰ্মচাৰীক দৰমহা দিবলৈয়ো ধনৰ অভাৱ বুলি জানিব পৰা গৈছে। তাৰ পাছতো উচ্চ শিক্ষা বিভাগে বিশ্ববিদ্যালয়খনৰ সমস্যা সমাধানৰ পৰিৱৰ্তে বাৰে বাৰে নিজা ৰাজহ বৃদ্ধিত হে হেঁচা প্ৰয়োগ কৰি আহিছে।
এনে প্ৰেক্ষাপটত বিশ্ববিদ্যালয়খনে নিজা ভূমি কোনো ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰাৰ দৰে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হ'ল। এসময়ৰ কটন কলেজৰ ছাত্ৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক দিশটোৰ লগতে ভৱিষ্যতৰ বিষয়েও চিন্তা কৰি শীঘ্ৰেই এক সুব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে।
নিজে শিক্ষামন্ত্ৰী হৈ থকাৰ সময়তে কটন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা ড০ শৰ্মাই বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাৰাজি শীঘ্ৰেই সমাধানৰো ব্যৱস্থা কৰাৰ দাবী বৰ্তমানৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী তথা সচেতন ৰাইজৰ।
Also Read: কটনে বাহিৰা প্ৰতিষ্ঠানক গতাব ভূমি, কৰ্মচাৰীক দৰমহা দিবলৈ নাই নিজা পুঁজি....