কটনে বাহিৰা প্ৰতিষ্ঠানক গতাব ভূমি, কৰ্মচাৰীক দৰমহা দিবলৈ নাই নিজা পুঁজি....

কাৰ্যবাহী পৰিষদৰ অনুমোদন সাপেক্ষে গঠন কৰা হ'ল কমিটী
কটনে বাহিৰা প্ৰতিষ্ঠানক গতাব ভূমি, কৰ্মচাৰীক দৰমহা দিবলৈ নাই নিজা পুঁজি....
কটনে বাহিৰা প্ৰতিষ্ঠানক গতাব ভূমি, কৰ্মচাৰীক দৰমহা দিবলৈ নাই নিজা পুঁজি....

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ চৰম দায়িত্বহীনতাৰ বাবেই এতিয়া ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয় সীমা পুনৰ সংকুচিত হ'বলৈ আগবাঢ়িছে। গুৱাহাটীৰ মাজমজিয়াত থকা এই উচ্চ শিক্ষাপ্ৰতিষ্ঠানখনৰ নিজা ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰৰ হেঁচাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ভূমি বাহিৰা ব্যক্তি বা প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰিব ওলাইছে। বিশ্ববিদ্যালয়খনৰ এই হঠকাৰী সিদ্ধান্ত পোহৰলৈ অহাৰ পিছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ১৯০১ চনতে স্থাপিত হোৱা কটন মহাবিদ্যালয়ক ২০১৭ চনতে বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হ'ল যদিও এই শিক্ষানুষ্ঠানখনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি, শিক্ষককে ধৰি অনেক সমস্যাবোৰ আজিলৈকে সমাধান কৰা নহ'ল। কেৱল উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ সময়ত 'কটনৰ গৰিমা'ৰ খবৰ কৰাতে যেন দায়িত্ব শেষ হয় সচেতন ৰাইজৰো। বিশ্ববিদ্যালয়খনৰ অভাৱ, অভিযোগৰ লগতে কেনে পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে সেই বিষয়ক লৈ চৰকাৰো উদাসীন। চৰকাৰ তথা সংশ্লিষ্ট উচ্চ শিক্ষা বিভাগে বিশ্ববিদ্যালয়খনৰ এই সমস্যাসমূহ সমাধানৰ বাবে গ্ৰহণ কৰা নাই কোনো বিশেষ পদক্ষেপ।

বিশ্ববিদ্যালয়খনৰ একাংশ অধ্যাপক, অধ্যাপিকা তথা কৰ্মচাৰীকো মাহিলী দৰমহা দিবলৈ অসমৰ্থ হোৱা স্বত্বেও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক উচ্চ শিক্ষা বিভাগে বাৰে বাৰে নিজা ৰাজহ বৃদ্ধিৰ বাবেহে হেঁচা প্ৰয়োগ কৰি আহিছে। এনে পৰিস্থিতিত পৰি এতিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে চৰম হঠকাৰী সিদ্ধান্ত।

বিশ্ববিদ্যালয়খনৰ মাজমজিয়াৰ ভূমি বাহিৰা ব্যক্তিলৈ হস্তান্তৰ কৰিবলৈ কাৰ্যবাহী পৰিষদৰ অনুমোদন সাপেক্ষে যোৱা ১৩ মে'ত এক কমিটী গঠন কৰিছে। এই কমিটীয়ে বিশ্ববিদ্যালয়ৰ ভিতৰৰ ভূমি বাহিৰা পাৰ্টিক হস্তান্তৰ কৰিবলৈ সন্ধান কৰিব আৰু এই সন্দৰ্ভত এক মাষ্টাৰ প্লেন তৈয়াৰ কৰিব।

এই কমিটীখনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে বিশ্ববিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কুমাৰ হাজৰিকাক। ৬ জনীয়া এই কমিটীৰ আন আন সদস্যসকল ক্ৰমে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ৰাখী কলিতা মৰল, ছাত্ৰ কল্যাণ পৰিষদৰ ডীন মনজিত কুমাৰ ভট্টাচাৰ্য, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ডেইজী দাস, কাৰ্যবাহী অভিযন্তা ৰাজীৱ লোচন শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ মুখ্য সহায়ক ৰাম চন্দ্ৰ দাস।

এসময়ৰ কটন মহাবিদ্যালয়ৰ ছাত্ৰ ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকাৰ সময়তে অগ্ৰণী মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছিল। সেই একেগৰাকী হিমন্ত বিশ্ব শৰ্মা এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থকাৰ অৱস্থাত তেওঁ নিজে অধ্যয়ন কৰা শৈক্ষিক প্ৰতিষ্ঠানখনৰ এই দুৰৱস্থাই বহু প্ৰশ্নৰে উদ্ৰেক ঘটাইছে।

বিশ্ববিদ্যালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি, পুঁজি বা নিজা ৰাজহৰ দিশসমূহক আওকান কৰি কেৱল বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰিয়েই দায়িত্ব সামৰা চৰকাৰৰ বাবেই এতিয়া এই শিক্ষানুষ্ঠানখনৰ ভূমি কোনো বহিৰাগত ব্যৱসায়ীৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে। এই বিষয়টো কেৱল ৰাজ্যৰ উচ্চ শিক্ষা জগতখনৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবেই এক চিন্তাৰ বিষয় হৈ পৰিছে।

কটনে বাহিৰা প্ৰতিষ্ঠানক গতাব ভূমি, কৰ্মচাৰীক দৰমহা দিবলৈ নাই নিজা পুঁজি....
সামাজিক মাধ্যমৰ পৰা আঁতৰাব লাগিব ভুৱা পোষ্টঃ নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in