সাহিত্য অকাডেমিৰ সহযোগত কটন বিশ্ববিদ্যালয়ত কবিতা উৎসৱৰ আয়োজন...

সাহিত্য অকাডেমিৰ সহযোগত কটন বিশ্ববিদ্যালয়ত কবিতা উৎসৱৰ আয়োজন...

ডিজিটেল সংবাদ, গুৱাহাটী : কটনিয়ানৰ বছৰজোৰা শতবৰ্ষ উদযাপন কাৰ্যসূচীৰ অংশস্বৰূপে অহা ২৯ এপ্ৰিল তাৰিখে কটন বিশ্ববিদ্যালয়ৰ চুদমাৰ্চন হলত সাহিত্য অকাডেমি আৰু কটন বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত কবিতা উৎসৱ তথা পূৰ্বাঞ্চলীয় কবি সন্মিলন অনুষ্ঠিত হ'ব।

অসমীয়া, ইংৰাজী, উড়িয়া, ককবৰক, কাৰ্বি, খাছী, ডিমাছা, তিৱা, নেপালী,বড়ো, বাংলা, মণিপুৰী, মিচিং, মৈথিলী, ৰাভা, সাওঁতালী, হিন্দী আদি ভাষাৰ কবিৰ সমাগমেৰে তিনিটা সত্ৰত অনুষ্ঠিত হ'বলগীয়া এই কবি সন্মিলন পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ অনুষ্ঠিত হ'ব। নাহিদ আফ্ৰিনৰ বৰগীত এটিৰে শুভাৰম্ভ হ'বলগীয়া এই কবি সন্মিলনৰ উদ্ধোধনী অনুষ্ঠানত সাহিত্য অকাডেমিৰ সভাপতি মাধৱ কৌশিকে সভাপতিত্ব কৰিব।

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰমেশ চন্দ্ৰ ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠান উদ্বোধন কৰিব প্ৰখ্যাত কবি অনিল কুমাৰ বড়োয়ে। উদ্যোক্তাসকলৰ হৈ সাহিত্য অকাডেমিৰ সচিব কে শ্ৰীনিৱাসৰাও আৰু "কটনিয়ান"ৰ সম্পাদক অংকুৰজ্যোতি শৰ্মাই অনুষ্ঠানটোত সমূহ সাহিত্যপ্ৰেমীৰ উপস্থিতি কামনা কৰিছে ।

সাহিত্য অকাডেমিৰ সহযোগত কটন বিশ্ববিদ্যালয়ত কবিতা উৎসৱৰ আয়োজন...
জুৰীয়াত জঘন্য ঘটনা! দুই কিশোৰক অকথ্য নিৰ্যাতন একাংশৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in