
ডিজিটেল ডেস্কঃ কিমান আৰু তললৈ যাব মানৱ সমাজ। এটাৰ পাছত এটা অপৰাধজনিত ঘটনাৰে জৰ্জৰিত হৈ পৰিছে আজিৰ মানৱ সমাজ। নিকৃষ্ট মানসিকতাৰ একাংশ লোকে অপৰাধৰ চৰম সীমা পাৰ কৰি আসুৰিক তৃপ্তি লাভ কৰাৰ চেষ্টা কৰে।
এনে ধৰণ এক ঘটনা পোহৰলৈ আহিছে জুৰীয়াৰ পৰা । পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। জুৰীয়াৰ কাৱৈমাৰীত চুৰি কৰাৰ অভিযোগত দুই কিশোৰক অত্যাচাৰ চলাই একাংশ লোক।
ওৰেটো নিশা দুই কিশোৰক মানসিক শাস্তি প্রদান কৰি একাংশই তৃপ্তি লাভৰ লগতে শুকুৰবাৰে পুৱা ডিঙিত টিন বান্ধি ঘূৰাই ফুৰায়। এই ঘটনাৰ ভিডিঅ' বিয়পি পৰাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃ্ষ্টি হয়।
ভিডিঅ'টোত দেখিবলৈ পোৱা অনুসৰি কিশোৰ দুটাৰ মূৰৰ চুলি কাটি দি চূণৰ ফোট লগাইছে। দুই কিশোৰক ৰাজপথত ঘূৰাই একাংশই আনন্দত চিঞৰ-বাখৰ কৰাও পৰিলক্ষিত হয়। এই সন্দৰ্ভত আৰক্ষী বা প্ৰশাসনে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।