সামাজিক মাধ্যমৰ পৰা আঁতৰাব লাগিব ভুৱা পোষ্টঃ নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা...

সামাজিক মাধ্যম ব্যৱহাৰ কৰি ভুৱা আৰু আপত্তিজনক বাৰ্তা প্ৰেৰণৰ অভিযোগ
সামাজিক মাধ্যমৰ পৰা আঁতৰাব লাগিব ভুৱা পোষ্টঃ নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা...
সামাজিক মাধ্যমৰ পৰা আঁতৰাব লাগিব ভুৱা পোষ্টঃ নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা...

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰণ অন্ত পৰিল যদিও নিৰ্বাচন আয়োগে ৰাজনৈতিক দল, নেতাসকলক উদ্দেশ্যি এটাৰ পিছত এটাকৈ নতুন নতুন নিৰ্দেশনা দিয়েই থাকিবলগীয়া হৈছে। তাৰ পাছতো একাংশ ৰাজনৈতিক নেতাৰ কাণ্ডজ্ঞানহীন কামকাজে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে।

নিৰ্বাচন আয়োগে আচৰণবিধি ঘোষণা কৰাৰ সময়তে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ বাবে কতেবোৰ নীতি নিয়ম ঘোষণা কৰিছিল যদিও সেইসমূহ উলংঘনত যেন উঠিপৰি লাগিছে বহু ৰাজনৈতিক নেতা। আনহে নালাগে স্বয়ং প্ৰধানমন্ত্ৰীৰ মুখতেই শুনা গৈছে সাম্প্ৰদায়িক কথা।

এনে পৰিস্থিতিত পঞ্চম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাতে নিৰ্বাচন আয়োগে পুনৰ ৰাজনৈতিক নেতাসকলক উদ্দেশ্যি কিছু নতুন নিয়ম ঘোষণা কৰিছে। সেই অনুসৰি শীঘ্ৰে ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভুল আৰু আপত্তিজনক পোষ্টসমূহ আঁতৰাব লাগিব।

উল্লেখ্য যে, সামাজিক মাধ্যমে বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। সামাজিক মাধ্যমকে প্ৰচাৰৰ অন্যতম শক্তি হিচাপে ব্যৱহাৰ কৰিছে ৰাজনৈতিক দলসমূহে। কিয়নো এই মাধ্যমসমূহ বৰ্তমান সময়ত সকলো ক্ষেত্ৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা। সেয়ে নিৰ্বাচন আয়োগে এতিয়া এই সামাজিক মাধ্যমৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ বাধ্য হৈছে।

আয়োগৰ দৃষ্টিত শেহতীয়াকৈ সামাজিক মাধ্যমত বহু আপত্তিজনক পোষ্ট ভৰি পৰা ধৰা পৰিছে। এই আপত্তিজনক পোষ্টসমূহে হিংসাত্মক কাৰ্যকলাপ বৃদ্ধিত অৰিহণা যোগাইছে বুলি সন্দেহ প্ৰকাশ কৰিছে। যাৰ বাবে আয়োগ এই সন্দৰ্ভত সজাগ হৈ পৰিছে।  

নিৰ্বাচন আয়োগৰ দিল্লীস্থিত কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ৰাজনৈতিক নেতা বা দলসমূহে সামাজিক মাধ্যমত পোষ্ট কৰা আপত্তিজনক বিষয়ৰ সন্দৰ্ভত জাননী লাভ কৰাৰ ৩ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব। যদি কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে এই জাননী লাভ কৰাৰ পাছতো সেই আপত্তিজনক পোষ্টসমূহ আঁতৰ নকৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব আইনী ব্যৱস্থা।

ইয়াৰোপৰি ইতিমধ্যে যিসকলে এনে আপত্তিজনক বিভিন্ন ফটো, ভিডিঅ' যুক্ত পোষ্ট আপলোড কৰিছে তেওঁলোককো শীঘ্ৰেই তেনে পোষ্টসমূহ আঁতৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।  

স্মৰ্তব্য যে, নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰৰ বাবে সামাজিক মাধ্যমসমূহক অতি গুৰুত্বপ্ৰদান কৰি এইসমূহ বহুলভাৱে ব্যৱহাৰ কৰিছে। এইসমূহত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ এ আই বা কৃত্ৰিম বুদ্ধিমত্তাৰে ভুৱা ভিডিঅ’ অথবা ফটো প্ৰস্তুত কৰি আপলোড কৰি জনতাক বিপথে পৰিচালিত কৰাৰো অভিযোগ উঠিছে।

সেয়ে এনেধৰণৰ অপচেষ্টাত যাতে ৰাজনৈতিক দল, প্ৰাৰ্থীসকল জড়িত নহয় তাৰ বাবে সতৰ্ক কৰি দি নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰিছে। পিছে লক্ষ্যণীয় হ’ব আয়োগৰ এই নিৰ্দেশনা ৰাজনৈতিক দল, নেতা, প্ৰাৰ্থীসকলে কিদৰে গ্ৰহণ কৰে।

কিয়নো এইবাৰ নিৰ্বাচনী প্ৰচাৰত ৰাজনৈতিক দল, নেতা, প্ৰাৰ্থীসকলে চূড়ান্ত পৰ্যায়ত সাম্প্ৰদায়িক, ধৰ্মীয় মেৰুকৰণ, জাতি, জনগোষ্ঠীক সামৰি বিতৰ্কিত মন্তব্য কৰিছে যদিও নিৰ্বাচন আয়োগে এই পৰ্যন্ত কোনো দৃষ্টান্তমূলক স্থিতি গ্ৰহণ কৰা নাই। সেয়ে স্বাভাৱিকতে নিৰ্বাচন আয়োগো প্ৰশ্নৰ সন্মুখীন হোৱাৰ লগতে বহুতৰ বাবে সমালোচনাৰ লক্ষ্য হৈ পৰিছে।

সামাজিক মাধ্যমৰ পৰা আঁতৰাব লাগিব ভুৱা পোষ্টঃ নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা...
বিজেপিৰ ৮ বছৰীয়া শাসনৰ ইতিহাস প্ৰতাৰণাৰঃ ৰাজ্যৰ বিকাশত হিমন্ত চৰকাৰ চৰম ব্যৰ্থ- আপ, অসম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in