কলাক্ষেত্ৰত সমবায় মেলা ২০২৩ৰ পৰ্যালোচনা বৈঠক

ননীগোপাল মহন্ত, সমবায় বিভাগৰ পঞ্জীয়ক তথা শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ,চিন্তাবিদ ময়ূৰ বৰা,প্ৰণৱ বৈশ্য আৰু অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই অংশগ্ৰণ কৰে।
সমবায় সমিতি মেলা ২০২৩ৰ পৰ্যালোচনা বৈঠক
সমবায় সমিতি মেলা ২০২৩ৰ পৰ্যালোচনা বৈঠক

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সমবায় বিভাগৰ উদ্যোগত সমবায় মেলা ২০২৩। ১০ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈকে গুৱাহাটী মহানগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে সমবায় মেলা ২০২৩।

অনুষ্ঠানৰ আৰম্ভণিৰ দিনাৰ পৰাই বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত মেলাখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰে। এইবোৰৰ ভিতৰত কটকিপাৰা বন্ধন বিকাশ যোজনা সমবায় সমিতি, অসম পাৰ্ল-ডেভলপমেণ্ট চোছাইটি, অসম ৰেল মেটেল সমবায় সমিতি,বৰপেটা,প্ৰগতিশীল বোৱা-কটা সমবায় সমিতি আদি উল্লেখযোগ্য।

ৰাজ্যৰ ভালেকেইখন সমবায় সমিতিয়ে অংশ লৈ সমবায়সমূহত প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী, প্ৰদৰ্শনীমূলক আচ-বাব,খাদ্য সামগ্ৰী,তাঁতশালত বোৱা গামোচা আদি তেওঁলোকৰ বিপণীসমূহত প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰী কৰে। এইসমূহৰ মাজতে কাঁহৰে প্ৰস্তুত কৰা জাপি,শৰাইৰ লগতে কাঠৰ গঁড়,ঢোল-পেঁপা আদিয়ে গ্ৰাহকৰ মাজত বেচ সমাদৰ লাভ কৰা বুলি সমবায় সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

এই মেলাৰ লগতে সংগতি ৰাখি মেলাৰ অন্তিম দিনা অনুষ্ঠিত হয় এখন পৰ্যালোচনামূলক বৈঠক। মূলতঃ কৃষি-উদ্যোগ-বাণিজ্য় সন্দৰ্ভত যাতে সমবায়সমূহে তৃণমূল পৰ্যায়ৰ পৰাই সন্তুলিতভাৱে উৎপাদন ক্ষেত্ৰত উন্নত ফলাফল দাঙি ধৰিবলৈ সক্ষম হয় তাৰ উদ্দেশ্য এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়।

বৈঠকত শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত, সমবায় বিভাগৰ পঞ্জীয়ক তথা শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ,চিন্তাবিদ ময়ূৰ বৰা,প্ৰণৱ বৈশ্য আৰু অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই অংশগ্ৰণ কৰে। তেওঁলোকে অনুষ্ঠানত উপস্থিত থকা সমবায় সমিতিসমূহৰ লগতে প্ৰতিনিধিসকলক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।

বৈঠকত ময়ূৰ বৰাই ভাষণ প্ৰসংগত তেওঁ নাবাৰ্ডৰ লগত জৰিত থকা সময়ৰ কথা সুঁৱৰি কয় যে সেই সময়ছোৱাত যোৰহাট,গুৱাহাটীৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্ততো কটাইছিল। লগতে অসমৰ সমবায় বিভাগ, সমবায় সমিতিসমূহৰ লগতো ওতঃপ্ৰোতভাৱে জৰিত থকাৰ কথা উল্লেখ কৰে।

তেওঁ লগতে উল্লেখ কৰে যে সেই সময়ছোৱাত সমবায় সমিতিৰ পৰা ঋণ দিয়া ব্যৱস্থা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আনহাতে বৰ্তমানৰ চৰকাৰখনৰ দিনত যি প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টাক যদি দীৰ্ঘস্থায়ী কৰিব নোৱাৰে তেন্তে বছৰে বছৰে সমবায় মেলা হ'লেও ইয়াৰ পৰা ফলৱতী হ'ব নোৱাৰিব বুলি মন্তব্য কৰে। লগতে উপস্থিত প্ৰতিনিধিসকলক চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বৈঠকত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তয়ো অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ সহজ ভাষাৰে প্ৰতিনিধিসকলক উদ্যেশ্যি বক্তব্য ৰাখে। মহন্তই কয় অসমত হাজাৰ হাজাৰ সমবায় আছে। এই সমবায়সমূহৰ গৰিষ্ঠ সংখ্যকেই পঞ্জীয়নভুক্ত হ'লেও নাই চৰকাৰী নিৰীক্ষণ তথা ফলপ্ৰসু উৎপাদন বিপণনৰ পৰিকল্পনা। আনহাতে উৎপাদন বিপণন বিনিয়োজনৰ সৈতে জৰিত এনে সমবায় অলেখ আছে যাৰ কোনো তথ্যই চৰকাৰৰ হাতত নাই।

যিকোনো সমবায় স্ব-নিৰ্ভৰশীল হ'বলৈ হ'লে প্ৰাৰম্ভিক চৰ্তটোৱেই হ'ল বিনিয়োজন আৰু উৎপাদনৰ নিৰ্ভৰশীল বিপণন ব্যৱস্থাৰে সংযোজিত হোৱা। এই ক্ষেত্ৰত গুজৰাটৰ আমূল গাখীৰৰ সমবায়ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে অসমত আমূলৰ এজনীও গৰু নাই। কিন্তু ,অসমৰ মানুহে সৰ্বাধিক সংখ্যক আমূল গাখীৰ ক্ৰয় কৰে।

ইয়াৰ বিপৰীতে সীতাজখলা দুগ্ধ পালক সমবায় সমিতি,যোৰাবাটৰ গো-পালক সন্থাই গুৱাহাটীত দৈনিক ১.৫০ লাখ গাখীৰ যোগান ধৰে যদিও তেওঁলোকৰ গাইখিনিক খাদ্য যোগান ধৰাৰ কোনো সুলভ ব্যৱস্থা নাই। প্ৰসংগ ক্ৰমে তেওঁ নগাঁৱৰ ৰণচলিৰ কেঁচা সোণৰ গহণা প্ৰস্তুতকাৰীসকলৰ সমস্যা আৰু ডিমা হাচাওৰ অতি উৎকৃষ্টমানৰ আনাৰসৰ শীতল পাণীয়ৰ কথাও উল্লেখ কৰে। উৎপাদকে উচিত মূল্যত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰে তাৰ বাবে সমবায় বিভাগ তথা চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে।

লগতে তেওঁ অসমত ৭০ৰ দশকতে সৎ উদ্দেশ্যৰে গঠন হোৱা এগ্ৰিকালচাৰ মাৰ্কেটিং কোপাৰটিভৰ সফলতাৰ কথাও উল্লেখ কৰে। ভাষণ প্ৰসংগত বিহুক বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাক শলাগ লৈ কয় দূৰদৰ্শী মুখ্যমন্ত্ৰীয়ে যদি ইয়াৰ সৈতে গামোচা প্ৰস্তুতকৰণৰ বাবেও এক পৰিকল্পনা হাতত লৈ শিপিনী সমবায়সমূহক ইয়াৰে সংযুক্ত কৰিলেহেঁতেন তেনেহ'লে বিহুক লৈ সৃষ্টি হোৱা জোৱাৰে গামোচা আৰু ৰিহা-মেখেলা উৎপাদনেৰে শিপিনী সমবায়সমূহে এক বিপ্লৱ সৃষ্টি কৰিব পাৰিলেহেতেন ।

পৰ্যালোচনা বৈঠকত সমবায় বিভাগৰ বিষয়-ববীয়া, চিন্তাবিদ,সাংবাদিক,সমবায় সমিতিসমূহৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলৰ লগতে আন আন ব্যক্তিসকলো উপস্থিত থাকে।

সমবায় সমিতি মেলা ২০২৩ৰ পৰ্যালোচনা বৈঠক
প্ৰখৰ ৰ'দত পাছ লৈছিল জনতাই, পিছে ১৪ এপ্ৰিলত নহয় বিহুৰ বিশ্ব অভিলেখ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in