প্ৰখৰ ৰ'দত পাছ লৈছিল জনতাই, পিছে ১৪ এপ্ৰিলত নহয় বিহুৰ বিশ্ব অভিলেখ...

চৰকাৰৰ নতুন ঘোষণা। ১৪ এপ্ৰিল নহয়, ১৩ এপ্ৰিলত হ'ব বিহুৰ বিশ্ব অভিলেখ। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে।

author-image
Asomiya Pratidin
New Update
প্ৰখৰ ৰ'দত পাছ লৈছিল জনতাই, পিছে ১৪ এপ্ৰিলত নহয় বিহুৰ বিশ্ব অভিলেখ...

ডিজিটেল ডেস্কঃ চৰকাৰৰ নতুন ঘোষণা। ১৪ এপ্ৰিল নহয়, ১৩ এপ্ৰিলত হ'ব বিহুৰ বিশ্ব অভিলেখ। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে।

Advertisment

শৰ্মাই কয় যে, গীনিজ বকু অব ৰেকৰ্ডৰ অনুষ্ঠান ১৪ এপ্রিলত নহয়, ১৩ এপ্রিলতহে হ'ব। কাইলৈ সন্ধিয়া ৫.৩০ৰ পৰা ৬.৩০ বজাৰ ভিতৰত গিনিজ ৱাৰ্ল্ড ৰেকৰ্ডৰ বাবে নাচিব বিহুৱা-বিহুৱতীয়ে।ৰাইজক সৰুসজাইলৈ নিমন্ত্রণ ৰাজ্য চৰকাৰৰ। আনহাতে ১৩ এপ্রিলত সৰুসজাইত প্রৱেশৰ বাবে নালাগে কোনো পাছ।

মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে ৰাজ্য চৰকাৰে দুটাকৈ ৰেকৰ্ডৰ বাবে লক্ষ্য স্থিৰ কৰিছে। এটা হ'ব বিহু নাছ আৰু আনটো ঢোলৰ।

১৪ এপ্রিলত প্রধানমন্ত্রীৰ উপস্থিতিত বিহুৱা-বিহুৱতী সকলে প্রমাণ পত্র লাভ কৰিব। উক্ত দিনটোতহে কলাক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা পাছ ব্যৱহাৰ কৰি প্ৰৱেশ কৰিব পাৰিব জনতাই।

আনহাতে বিহুৱা-বিহুৱতীসকলক ২৫ হাজাৰকৈ টকা দিব চৰকাৰে। ৰিজাৰ্ভত থকা নাচনী-ঢুলীয়াকো দিয়া হ’ব ২৫ হাজাৰকৈ টকা।

উল্লেখ্য যে, বিহুৰ ১৪ এপ্ৰিলৰ অনুষ্ঠানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পাছ দিয়াৰ ব্যৱস্থা কৰিছিল ৰাজ্য চৰকাৰে। বিহু বলিয়া ৰাইজে শাৰী পাতি প্ৰখৰ ৰ'দত সংগ্ৰহ কৰিছিল পাছ। পিছে সেই পাছ এতিয়া ১৪ এপ্ৰিলৰ অনুষ্ঠানৰ বাবেহে।

নিশ্চয়কৈ এই খবৰে নিৰাশ কৰিব জনতাক। ইয়াৰ পূৰ্বে চৰকাৰে কোনো কথা স্পষ্ট কৰা নাছিল। জনতাই ভাবিছিল যে বিশ্ব অভিলেখৰ বাবে পাছ লাগিব। কিন্তু চৰকাৰৰ হঠাতে লোৱা এই সিদ্ধান্ত বাৰুকৈ চিন্তনীয়।

Also Read: সুৰা কেলেংকাৰীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মনিষ ছিচদিয়াই: ইডি