কোভিড আক্ৰান্ত হ'ল কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা...

কোভিড আক্ৰান্ত হ'ল কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা...
কোভিড আক্ৰান্ত হ'ল কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা...

ডিজিটেল ডেস্কঃ কোভিডত আক্ৰান্ত হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভানেত্ৰী তথা জ্যেষ্ঠা মুখপাত্ৰ ববিতা শৰ্মা। কংগ্ৰছ নেত্ৰীগৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা।

টুইটাৰত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, কোভিড এতিয়াও আমাৰ চৌপাশত আছে। জনাসমাগমত থকাৰ সময়ত সকলো সাৱধান হওক। লগতে তেওঁ সকলোকে মাস্ক ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে।

তেওঁ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক টুইটৰ জৰিয়তে কোভিড টেষ্টিং কিট সহজলভ্য কৰিবলৈও আহ্বান জনাইছে। যোৱা দুই, তিনি দিনত তেওঁৰ সংস্পৰ্শলৈ যিসকল আহিছিল তেওঁলোকক সাৱধানতা অৱলম্বন কৰিবলৈও আহ্বান জনাইছে।

কোভিড আক্ৰান্ত হ'ল কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা...
ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in