ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ...

ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ...
ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ...

ডিজিটেল ডেস্কঃ আজি জনপ্ৰিয় ছাৰ্চ ইঞ্জিন গুগলে ভৰি দিলে ৰূপালী জয়ন্তী বৰ্ষত। গুগলৰ এই ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষত ভাৰতৰ বাবে আহিছে এক ভাল খবৰ। ভূমিকম্প অহাৰ পূৰ্বে গুগলে দিব আগজাননী।

গুগলৰ এই ২৫ বছৰীয়া জন্মদিনৰ দিনটোত এণ্ড্ৰইড গ্ৰাহকৰ বাবে আনিছে এই ভাল খবৰ। গুগলে জনোৱা অনুসৰি ভূমিকম্পৰ তীব্ৰতা চিনাক্ত কৰিবলৈ এণ্ড্ৰইড মোবাইলত এক চেঞ্চৰে কাম কৰিব।

ভূমিকম্পৰ সতৰ্কতাৰ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ মোকাবিলা কৰ্তৃপক্ষ চমুকৈ এন ডি এম এ আৰু ৰাষ্ট্ৰীয় ছিচোমলজি চেণ্টাৰ চমুকৈ এন এছ চিৰ সৈতে আলোচনা কৰিছে গুগলে। ছাৰ্চ ইঞ্জিন সংস্থাটোৰ মুখপাত্ৰগৰাকীয়ে দাবী কৰা অনুসৰি এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ এলাকাত ভূমিকম্পৰ স্বয়ংক্ৰিয়ভাৱে আগতীয়াকৈ সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিব।

এই সুবিধা উপলব্ধ হ'ব এণ্ড্ৰইড-৫ আৰু অপাৰেটিং চিষ্টেমৰ পৰৱৰ্তী সংস্কৰণসমূহত। এই এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত আছে এক্সেলেৰোমিটাৰ। যিয়ে ছিচমোমিটাৰ হিচাপে কাম কৰিব।

গুগলে তেওঁলোকৰ ব্লগত দাবী কৰিছে যে, ইণ্টাৰনেট বাৰ্তাৰ গতি পোহৰৰ গতিৰ সমান। কম্পনৰ বেগ তাতকৈ বহুত কম। ফলস্বৰূপে, ভূমিকম্পৰ অহাৰ পূৰ্বেই এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে ভূমিকম্পৰ আগতীয়া সতৰ্কবাণী পাব।

ভাৰতত প্ৰথমবাৰৰ বাবে এই সেৱা আৰম্ভ কৰা হৈছে যদিও বিশ্বৰ আন বহু দেশত এই সেৱা উপলব্ধ হৈ আছে। বুধবাৰে, ছাৰ্চ ইঞ্জিন গুগলে তেওঁলোকৰ ব্যৱহাৰকাৰীসকলক ধন্যবাদ জনাই ইয়াৰ জন্মদিন উদযাপন কৰিছে।

উল্লেখ্য যে, গুগলে ১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত ইয়াৰ যাত্ৰা আৰম্ভ কৰিছিল। কেলিফৰ্নিয়াৰ এটা সৰু গেৰেজত লেৰী পেজ আৰু চেৰ্গি ব্ৰিনে এটা সাধাৰণ কম্পিউটাৰ লৈ এই যাত্ৰা আৰম্ভ কৰিছিল।

যি যাত্ৰাৰ অশ্বমেধ যজ্ঞ এতিয়াও অব্যাহত আছে। ইয়াৰ সমান্তৰালকৈ গুগলে সময়ৰ সৈতে নিজকে সলনি কৰিছে। বহু আকৰ্ষণীয় সুবিধা ইয়াত সন্নিৱিষ্ট কৰিছে। আজিৰ পৃথিৱীত মানুহে যি বিচাৰিছে গুগলে সেয়াই দিবলৈ সক্ষম হৈছে।  মানুহে যি ভাবিছে যি চিন্তা কৰিছে গুগলে তাকেই যোগান ধৰিছে।

ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ...
২০২৪ ৰ মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণাঃ ২ লাখৰ তলৰ আয়ৰ শিক্ষাৰ্থীৰ মাচুল সম্পূৰ্ণ ৰেহাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in