/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/48504f81-f639-43d6-91b2-603522301981/protest_25.jpg)
কংগ্ৰেছ বিধায়কৰ উত্তাল প্ৰতিবাদ
ডিজিটেল ডেস্কঃ ন্যায়পালিকাক স্বতন্ত্ৰভাৱে কাম কৰিবলৈ দিয়া, আৰক্ষীক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ বন্ধ কৰা আৰু গণতন্ত্ৰক ধৰ্ষণ নকৰিবলৈ দাবী তুলি ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰে আজি গুৱাহাটী উত্তাল কৰিলে কংগ্ৰেছে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে।
বাদ পৰি ৰোৱা নাই অসমো। আজি অসম বিধানসভাৰ চৌহদৰ পৰা বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ বিধায়কসকলে ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰে বিভিন্ন শ্ল'গান আওৰাই হাতত দাবী সম্বলিত বেনাৰ লৈ পদযাত্ৰা আৰম্ভ কৰে।
তেওঁলোকক সহযোগ কৰে শ শ কংগ্ৰেছ কৰ্মীয়ে। কংগ্ৰেছ বিধায়িনী দলে এই প্ৰতিবাদৰ জৰিয়তে সাসংদ পদ খাৰিজৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা আৰু ন্যায় পালিকাক স্বতন্ত্ৰ ভাৱে কাম কৰিবলৈ দিয়া, আৰক্ষীক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰা আৰু গণতন্ত্ৰক ধৰ্ষণ নকৰিবলৈ দাবী উত্থাপন কৰে।
ৰাহুল গান্ধী জিন্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছ বিধায়িনী দলক প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰে হতাহতিৰো সৃষ্টি হয়। উল্লেখ্য যে, ২০১৯ ত ৰাহুল গান্ধীয়ে মোডী উপাধি সম্পৰ্কে এক মন্তব্য কৰিছিল।
সেই মন্তব্যৰ ভিত্তিতে মানহানিৰ গোচৰ ৰুজু হৈছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে। চুৰাটৰ এখন ন্যায়লয়ে বৃহস্পতিবাৰে সেই গোচৰৰ ভিত্তিতে ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এমাহৰ জামিনো প্ৰদান কৰিছিল।
ইয়াৰ পিছৰ দিনাই অৰ্থাৎ শুকুৰবাৰে তাৎক্ষণিক ভাৱে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাত সমগ্ৰ দেশজুৰি বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে সকলো বিৰোধী দলে একে মুখে ইয়াৰ বিৰোধিতা কৰি বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লৈছে। বিজেপিৰ বিৰুদ্ধে পুনৰ ন্যায়পালিকাৰ স্বতন্ত্ৰাত ব্যাঘাত জন্মোৱাকে ধৰি গণতন্ত্ৰ পৰিপন্থী কাম কাজৰ অভিযোগ উত্থাপন হৈছে।