ঢকুৱাখনাত ফাটবিহুৰ মঞ্চ আৰু কৰ্মশালা উদ্বোধন...

শতিকা গৰকা পৰম্পৰা অক্ষুন্ন ৰাখি অৱধাৰিত ভাৱে ঢকুৱাখনীয়াৰ উদ্যোগত উদযাপিত 'ফাটবিহু-২০২৩' উদযাপনৰ দ্ৰুত প্ৰস্তুতি আৰম্ভ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত ফাটবিহুৰ মঞ্চ আৰু কৰ্মশালা উদ্বোধন...

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম আৰু অসমীয়াৰ জাতীয় আয়ুস ৰেখা স্বৰূপ ৰঙালী বিহুৰ একক আৰু স্বকীয় উপস্থাপন হ'ল ঢকুৱাখনাৰ ফাট বিহু। শতিকা গৰকা পৰম্পৰা অক্ষুন্ন ৰাখি অৱধাৰিত ভাৱে ঢকুৱাখনীয়াৰ উদ্যোগত উদযাপিত এই 'ফাটবিহু-২০২৩' উদযাপনৰ দ্ৰুত প্ৰস্তুতি আৰম্ভ হৈছে।

Advertisment

ইতিমধ্যে ৰাজহুৱা সভাই গঠন কৰি দিয়া উদযাপন সমিতিৰ পৃষ্ঠপোষকতাত ২৫ লাখ টকা বাজেটেৰে আৰম্ভ হোৱা আগন্তুক বর্ষৰ ফাটবিহুৰ সতে সংগতি ৰাখি শনিবাৰে ফাটবিহু বাকৰিত নৱ নিৰ্মিত ৰংগমঞ্চৰ শুভ উদ্বোধন কৰা হয়। সাংসদ উন্নয়ন পুঁজি শিতানৰ প্ৰায় ১০ লাখ টকা ব্যয়ৰে নিৰ্মিত কৰা হয় ৰংগমঞ্চ।

লখিমপুৰ ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া, সম্পাদক ভাস্কৰ দাসকে প্ৰমুখ্য কৰি বিষয়ববীয়া, উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া, ঢকুৱাখনাৰ লোক সংস্কৃতিপ্ৰেমী ৰাইজ, বিহুৱা বিহুৱতীৰ বিহুগীত নৃত্যৰ ছন্দোময়তাত আয়তীৰ উৰুলিৰ মাজত মঞ্চৰ উদ্বোধন কৰা হয়। মঞ্চৰ ফিটা কাটি উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেয়ে ।

লখিমপুৰ জিলাৰ উপায়ুক্ত মনোৰমা মৰাং, ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, ঢকুৱাখনাৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত, সহকাৰী আয়ুক্ত জোনমাই সোণোৱাল আদিৰ উপস্থিতিত মঞ্চ উদ্বোধন কৰি সাংসদ বৰুৱা আৰু বিধায়ক দলেয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানৰ পাছতে বিহু বাকৰিত অগণন বিহুৱা বিহুৱতীৰ অংশগ্ৰহনেৰে জীপাল হৈ পৰে। উল্লেখ্য যে, একে সময়তে ৫ দিনীয়া বিহু কৰ্মশালাৰো শুভ উদ্বোধন কৰা হয়।

আনহাতে সভাতেই সাংসদ আৰু বিধায়ক দুগৰাকীক ফাটবিহু সমিতিয়ে ফাটবিহু উদযাপনৰ এটা দিন স্থানীয় বন্ধ ঘোষণা কৰে। তদুপৰি পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে থকাৰ সুব্যৱস্থা কৰি অসমৰ সকলো জনগোষ্ঠীৰ আৱাস গৃহ শৈলীৰে স্থায়ী গৃহ নিৰ্মাণ কৰাকে ধৰি এখন ১০ দফীয়া পৰিকল্পনা সম্বলিত স্মাৰক পত্ৰও প্ৰদান কৰা হয়।

Also Read: ৰৌতাৰ বোমা বিস্ফোৰণ সন্দৰ্ভত স্বীকাৰোক্তি প্ৰকাশ কে এল অ' (কে এন)ৰ

assamese culture