হীৰেন গোহাঁই, অজিত ভূঞাৰ কথা মতে কংগ্ৰেছে দিছে টিকট ! দ্বিজেন শৰ্মাৰ অভিযোগ...

কংগ্ৰেছ এৰি প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাৰ ক্ষোভ ভৰা পত্ৰ
হীৰেন গোহাঁই, অজিত ভূঞাৰ কথা মতে কংগ্ৰেছে দিছে টিকট ! দ্বিজেন শৰ্মাৰ  অভিযোগ...
হীৰেন গোহাঁই, অজিত ভূঞাৰ কথা মতে কংগ্ৰেছে দিছে টিকট ! দ্বিজেন শৰ্মাৰ অভিযোগ...

ডিজিটেল ডেস্কঃ নিৰ্বাচনলৈ মাজত এটা মাহ থকাৰ অৱস্থাতো অসম প্ৰদেশ কংগ্ৰেছৰ পৰা দূৰ হোৱা নাই বিপৰ্যয়। দলটোৰ প্ৰাৰ্থীত্ব বিচাৰি বিফল হোৱা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মায়ো ত্যাগ কৰিলে দল।

গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচৰা দ্বিজেন শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান নকৰি দলটোৱে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতেই দলৰ উপ-সভাপতি পদ ত্যাগ কৰিছিল দ্বিজেন শৰ্মাই। ইয়াৰ পাছত অসন্তুষ্ট দ্বিজেন শৰ্মাই ১৯ মাৰ্চত এক পত্ৰ লিখি দলটোৰ প্ৰাথমিক সদস্যপদো ত্যাগ কৰে।

ইফালে পূৰ্বৰ দলত্যাগী নেতাসকলৰ ধাৰাকেই অনুসৰণ কৰি দ্বিজেন শৰ্মাই পদত্যাগৰ পাছতে নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে কেতবোৰ গুৰুতৰ অভিযোগো উত্থাপন কৰিছে।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সম্বোধন কৰি লিখা পত্ৰত প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিং আৰু সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। পত্ৰখনত তেওঁ অভিযোগ কৰিছে ৰাজ্যৰ প্ৰসিদ্ধ বুদ্ধিজীৱিয়ে দলটোৰ টিকট বিতৰণত প্ৰভাৱ বিস্তাৰ কৰিছে।

দ্বিজেন শৰ্মাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এনে ন্যস্ত স্বাৰ্থ জড়িত লোকসকলৰ আগত শিৰণত কৰিছে। তেওঁৰ মতে ২০২৬ ৰ বিধানসভা আসন সুৰক্ষিত কৰাৰ স্বাৰ্থতে ভূপেন বৰাই এনে কৰি আছে।

আজি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ ড০ হীৰেন গোহাঁই আৰু অজিত ভূঞাৰ নাম উল্লেখ কৰি তেওঁ টিকট বঞ্চিত হোৱাৰ বাবে তেওঁলোককে জগৰীয়া কৰিছে। আনহাতে তেওঁ পত্ৰখনত লিখিছে- মই ৫০ বছৰ কংগ্ৰেছ কৰিছিলোঁ কিন্তু তাৰ পাছতো মোৰ কথা নুশুনিলে। আনৰ কথা শুনি মীৰা বৰঠাকুৰক টিকট দিলে।

তেওঁ পুনৰ কয়, মীৰা বৰঠাকুৰে কংগ্ৰেছত যোগদান কৰা দুবছৰ নহওঁতেই বিধানসভাৰ টিকট লাভ কৰিছিল। এইবাৰ মোৰ নাম চি ই চিলৈ প্ৰেৰণ কৰিছিল যদিও মই টিকট নাপালোঁ। অজিত ভূঞা, হীৰেন গোহাঁয়ে কেইজনমান বিশিষ্ট ব্যক্তিৰ চহী কৰাই কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছিল। যাৰ বাবে মই টিকটৰ পৰা বঞ্চিত হ’লো।

ইফালে দলে টিকট নিদিলে দল এৰিম বুলি জীতেন্দ্ৰ সিং, ভূপেন বৰাক তেওঁ পূৰ্বেই জনাই থৈছিল বুলি পত্ৰখনত উল্লেখ কৰি তেওঁ পুনৰ কয়, টিকট ঘোষণা কৰাৰ পিছত মই এটাও কথা কোৱা নাছিলো। কিন্তু তেওঁক ব্যক্তিগতভাৱে দিয়া মেচেজ সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিলে। মই মীৰা বৰঠাকুৰক ফোনত গালি পাৰিছো বুলি মিছাকৈয়ে কৈছে।

তেওঁ অভিযোগ কৰে, ভূপেন বৰাৰ ওচৰত টিকট বিচাৰি গ'লে টকা কিমান আছে বুলি প্ৰশ্ন কৰে। একেদৰেই প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয়, অসমত জীতেন্দ্ৰ সিঙে বেপাৰ কৰিবলৈ আহিছে। টিকট দিয়াৰ নামত পইচাৰ খেল খেলিছে।

হীৰেন গোহাঁই, অজিত ভূঞাৰ কথা মতে কংগ্ৰেছে দিছে টিকট ! দ্বিজেন শৰ্মাৰ  অভিযোগ...
'কা' ৰূপায়ণত স্থগিতাদেশ দিবলৈ সদ্যহতে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ: অসমৰ বাবে হ'ব পৃথকে শুনানি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in