'কা' ৰূপায়ণত স্থগিতাদেশ দিবলৈ সদ্যহতে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ: অসমৰ বাবে হ'ব পৃথকে শুনানি...

'কা' ৰূপায়ণত স্থগিতাদেশ দিবলৈ সদ্যহতে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ: অসমৰ বাবে হ'ব পৃথকে শুনানি...
'কা' ৰূপায়ণত স্থগিতাদেশ দিবলৈ সদ্যহতে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ: অসমৰ বাবে হ'ব পৃথকে শুনানি...

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণত কেন্দ্ৰক বাধা দিবলৈ সদ্যহতে অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে। ১১ মাৰ্চত দেশজুৰি কাৰ্যকৰী হ'ল নাগৰিকত্ব সংশোধনী আইন।

ইয়াৰ পিছতে দেশজুৰি ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ প্ৰতিবাদ আৰম্ভ হয়। এনে প্ৰতিবাদৰ মাজতে উচ্চতম ন্যায়ালয়ত এই আইন ৰূপয়াণত স্থগিতাদেশ বিচাৰি ২৩৭ খন আৱেদন দাখিল হয়।

এই আৱেদনসমূহৰ ওপৰত মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হয়। শুনানিত উচ্চতম ন্যায়ালয়ে সদ্যহতে এই আইনৰ ৰূপায়ণত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত কেন্দ্ৰক উত্তৰ দিবলৈ ৩ সপ্তাহৰ সময় বান্ধি দিছে।

উচ্চতম ন্যায়ালয়ক এই আইন ৰূপায়ণৰ সন্দৰ্ভত ৮ এপ্ৰিলৰ ভিতৰত উত্তৰ দিব লাগিব কেন্দ্ৰই। এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব ৯ এপ্ৰিলত। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা শুনানিত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৪ সপ্তাহৰ সময় বিচাৰিছিল যদিও ন্যায়ালয়ে ৩ সপ্তাহে দিয়ে। লগতে ন্যায়ালয়ে শুনানিৰ সময়ত এই আইনে কোনো ভাৰতীয় নাগৰিকৰ নাগৰিকত্ব কাঢ়ি নলয় বুলিও মন্তব্য কৰে।

অৱশ্যে আৱেদন দাখিল কৰ্তাসকলৰ অধিবক্তা কপিল চিব্বালে কেন্দ্ৰক সময় দিয়াৰো বিৰোধিতা কৰে। তেওঁ ন্যায়ালয়ক কয়- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ চনত সংসদত অনুমোদিত হৈছিল। এতিয়া চাৰি বছৰ হ'ল। ইয়াৰ অধিসূচনা এতিয়া মুকলি কৰা হৈছে। এই আইনৰ আধাৰত মানুহে নাগৰিকত্ব লাভ কৰাৰ পিছত সেই নাগৰিকত্ব ঘূৰাই লোৱাটো কঠিন হ'ব।

চিব্বালে কেন্দ্ৰৰ দ্বাৰা জাৰী কৰা জাননীৰ ওপৰত স্থগিতাদেশ বিচাৰে। একে সময়তে, আৱেদনকাৰীসকলৰ হৈ উপস্থিত থকা আন এগৰাকী অধিবক্তা ইন্দিৰা জয় সিঙেও 'কা'ৰ ওপৰত স্থগিতাদেশ বিচাৰে।

এই শুনানিতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, পূৰ্বৰ নিৰ্দেশ অনুসৰিয়েই অসমৰ ক্ষেত্ৰত শুনানি পৃথককৈ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভতে এগৰাকী অধিবক্তাই কয়, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম 'কা'ৰ আওতাৰ পৰা সম্পূৰ্ণৰূপে বাহিৰত আছে। মুখ্য ন্যায়াধীশগৰাকীয়ে লগে লগে কয়, এইসমূহ ৰাজ্য সম্পূৰ্ণৰূপে 'কা'ৰ আওঁতাৰ পৰা বাহিৰত নাই। এই ৰাজ্যসমূহৰ ষষ্ঠ অনুসূচীৰ অঞ্চলৰ পৰাহে বাহিৰত আছে।

'কা' ৰূপায়ণত স্থগিতাদেশ দিবলৈ সদ্যহতে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ: অসমৰ বাবে হ'ব পৃথকে শুনানি...
পুত্ৰ অৰ্জুনৰ কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত শচীনে আঁতৰালে ৰোহিতক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in