কংগ্ৰেছ আহিলে সাৰদা কেলেংকাৰীৰ ফাইল পুনৰ খোল খাবঃ হাফিজ ৰছিদ আহমেদ

কংগ্ৰেছ আহিলে সাৰদা কেলেংকাৰীৰ ফাইল পুনৰ খোল খাবঃ হাফিজ ৰছিদ আহমেদ

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ আহিলে সাৰদা কেলেংকাৰীৰ ফাইল পুনৰ খোল খাবঃ হাফিজ ৰছিদ আহমেদ

ডিজিটেল সংবাদ,হাজোঃ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰীৰ চিলাত কংগ্ৰেছৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ নেতৃত্বই। সভাত উপস্থিত থাকে কংগ্ৰেছ নেতা হাফিজ ৰছিদ আহমেদ চৌধুৰী।

তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰ আহিলে লুইচ বাৰ্জাৰ,সাৰদা কেলেংকাৰীৰ ফাইল পুনৰ খোল খাব। হিমন্ত বিশ্ব শৰ্মা তুমি বেছি দম্ভালি নামৰিবা,সকলো কেলেংকাৰী এদিন ভালকৈ তদন্ত হব।মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীতে মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে।

আনহাতে মুখ্যমন্ত্ৰী গৰাকী আইনৰ ছাত্ৰ হৈও আইন বিৰোধী কথা কোৱাটো দুৰ্ভাগ্যজনক বুলিও ক্ষোভ উজাৰে। নকল কৰি আইনৰ শিক্ষা লোৱা বুলিও এক প্ৰকাৰ কটাক্ষ কৰে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে।

Also Read: বিদুষী মহিলা কিৰণ্ময়ী মহন্ত আৰু নাই...

LOKSABHA 2024 jalukbari news mira borthakur congress news