খানাপাৰাত আৰক্ষীৰে কংগ্ৰেছ কৰ্মীৰ খণ্ডযুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাৰ ফৌজদাৰী গোচৰৰ হুংকাৰ

খানাপাৰাত আৰক্ষীৰে কংগ্ৰেছ কৰ্মীৰ খণ্ডযুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাৰ ফৌজদাৰী গোচৰৰ হুংকাৰ
খানাপাৰাত আৰক্ষীৰে কংগ্ৰেছ কৰ্মীৰ খণ্ডযুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাৰ ফৌজদাৰী গোচৰৰ হুংকাৰ

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰাৰ পাছৰে পৰা প্ৰতিদিনেই বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে। উজনি অসম, অৰুণাচল আৰু মেঘালয়ক সামৰি এই যাত্ৰাই আজি গুৱাহাটীত প্ৰৱেশ কৰাৰ পাছতে উত্তপ্ত হৈ পৰে। পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে অসম আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ নিৰ্দিশ দিয়াৰ সমান্তৰালকৈ ফোজদাৰী গোচৰ তৰিব বুলিও হুংকাৰ দিছে।

কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিব দিয়া নহ'ব বুলি পূৰ্বেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও আজি ভূপেন বৰাৰ নেতৃত্ব কংগ্ৰেছ কৰ্মীয়ে খানাপাৰাত আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড ভংগ কৰি প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হোৱা হতাহতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি বহু কেইজন কংগ্ৰেছ কৰ্মী আহত হোৱাৰ লগতে আৰক্ষীৰো কেইবাজনো জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে কংগ্ৰেছ কৰ্মীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰা বুলিও কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে জামুগুৰিহাটত বিজেপি নেতাৰ দ্বাৰা শাৰীৰিক আক্ৰমণৰ সন্মুখীন হোৱা ভূপেন বৰা আজি আৰক্ষীৰ দ্বাৰা পুনৰ প্ৰহৃত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

কংগ্ৰেছে এই অভিযোগেৰে এক্সত এক ভিডিঅ' শ্বেয়াৰ কৰিছে। ইফালে খানাপাৰাৰ ৰাজপথতেই ৰাহুল গান্ধীয়ে শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজ তথা কংগ্ৰেছ কৰ্মীক উদ্দশ্যি উদ্দাত্ত ভাষণ দিয়ে। এই চমু ভাষণত তেওঁ নাম নোলোৱাকৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ''এই পথৰেই বজৰং দলৰ ৰেলী ওলাল, নড্ডাজীৰ ৰেলী ওলাল কিন্তু কংগ্ৰেছৰ পদ যাত্ৰাক তেওঁলোকে ইয়াত বাধা দিছে। আমি বেৰিকেড ভাঙি পেলালো। কিন্তু আমি আইন ভংগ নকৰো। অসমৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীয়ে আইন ভংগ কৰিব পাৰে, কংগ্ৰেছ কৰ্মীয়ে আইন ভংগ নকৰে। কিন্তু আমাক দুৰ্বল বুলি নাভাবিব।''

কংগ্ৰেছ কৰ্মীক শক্তিশালী সিংহৰ সৈতে তুলনা কৰি তেওঁ পুনৰ কয়, ''অসমৰ ৰাইজক প্ৰতিদিনেই দমন কৰি আহিছে। আজি মোৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় আছিল। বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টলৈ ফোনকল আহে, ৰাহুল গান্ধীয়ে অসমৰ শিক্ষাৰ্থীক লগ ধৰিব নোৱাৰে। মোৰ অনুষ্ঠান বাতিল কৰি দিলে। কিন্তু বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে বাহিৰলৈ আহি মোৰ কথা শুনিলে।''

ৰাহুল গান্ধীয়ে পুনৰ কয়, ''মই আপোনালকক বাৰ্তা দিব বিচাৰিছো, কংগ্ৰেছৰ কাৰ্যকৰ্তাই কালৈকো ভয় নকৰে। আৰ এছ এছ, বিজেপিলৈ ভয় নকৰে। আৰ এছ এছ আৰু বিজেপিৰ বিচাৰধাৰাক আমি অসমত পৰাস্ত কৰিম। ইয়াৰ কংগ্ৰেছ দলে জনতাৰ সৈতে যুঁজি কংগ্ৰেছৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব।''

খানাপাৰত আৰক্ষীৰে হোৱা হতাহতিৰ পাছত ৰাহুল গান্ধীয়ে অসম আৰক্ষীক উদ্দেশ্যিও মন্তব্য কৰে। তেওঁ কয়, ''আমি জানো আপোনালোকে আপোনালোকৰ কাম কৰিব লাগিব। আপোনালোকৰ ভুল নাই। আপোনালোকে নিৰ্দেশ পালন কৰিব লাগিব। আপোনালোকে আপোনালোকৰ কাম ভালদৰে কৰিছে। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব অসমত ন্যায় হ'ব লাগিব। অসমত অন্যায় হ'ব নালাগে। আমি ইয়াত আপোনালোকৰ সৈতে যুঁজিবলৈ অহা নাই। আমি আপোনালোকক ভাল পাওঁ। কিন্তু আপোনালোকৰ ওপৰত যি মালিক বহি আছে, তেওঁ অসমত ২৪ ঘণ্টাই চোৰ কৰি আছে। তেওঁ অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী।''

ইফালে খানাপাৰাত সৃষ্টি হোৱা পৰিস্থিতিৰ পিছতে এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে। খানাপাৰাত সৃষ্টি হোৱা হতাহতিৰ পৰিস্থিতিৰ এটা ভিডিঅ' এক্সত আপলোড কৰি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসন বিভিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টেগ কৰিছিল।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰিটুইট কৰি লিখিছে, ৰাহুল গান্ধীৰ এনে অনৈতিক কাৰ্যই অসমৰ দৰে এখন শান্ত ৰাজ্যক অশান্ত কৰি তুলিছে। তেওঁ কংগ্ৰেছৰ এই কাৰ্যক নক্সাল আৰ্হিৰ সৈতেও তুলনা কৰিছে।

আনহাতে কংগ্ৰেছ তথা ৰাহুল গান্ধীৰে এনে আচৰণে গুৱাহাটীত ব্যাপক ট্ৰেফিক জামৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি এয়া অসমীয়াৰ সংস্কৃতি নহয় বুলিও উল্লেখ কৰিছে। এই টুইটতে তেওঁ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ কথাও উল্লেখ কৰিছে।

ইফালে যোৰহাটত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাৰত জোড়ো ন্যায় যাত্ৰাক গুৱাহাটীত প্ৰৱেশ কৰিবলৈ বাধা দিয়াৰ সন্দৰ্ভত কয়, ৰাহুল গান্ধীৰ লগত ৩ হাজাৰ মানুহ আৰু ২০০ খন গাড়ী আহিছে। তেওঁলোকক যদি গুৱাহাটীত সোমাবলৈ দিয়া হয় তেনে গুৱাহাটীৰ কি পৰিস্থিতিৰ সৃষ্টি হ'ব? আমি যোৱা ৬ দিন ধৰি কৈয়েই আহিছো আপোনালেকে যি পথেৰে যায় যাওঁক কিন্তু গুৱাহাটীত প্ৰৱেশ কৰিবলৈ চেষ্টা নকৰিব। তেওঁ খানাপাৰাত সৃষ্টি হোৱা কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ তৰিব বুলিও জনাইছে।

খানাপাৰাত আৰক্ষীৰে কংগ্ৰেছ কৰ্মীৰ খণ্ডযুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাৰ ফৌজদাৰী গোচৰৰ হুংকাৰ
ICC য়ে ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেট দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in