মহানগৰীৰ নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ : আবাসীক চলাই নিৰ্যাতন...

বিভাগীয় মন্ত্ৰীৰ ধমকলৈ কেৰেপ নকৰে নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰীয়ে

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ : আবাসীক চলাই নিৰ্যাতন...

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। 'পিচ ৱেলনেছ' নামৰ কেন্দ্ৰটোৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। পোহৰলৈ অহা তথ্য অনুসৰি নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী আৰু ৰোগীয়ে একেলগে সেৱন কৰে ড্ৰাগছ।

Advertisment

নিচামুক্তি কেন্দ্ৰটোত সংঘটিত এনে কাণ্ডৰ বাবেই কেন্দ্ৰটো বন্ধ কৰি দিয়া হৈছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বুধবাৰে 'পিচ ৱেলনেছ' নামৰ কেন্দ্ৰটোত সংঘটিত হৈছিল মাৰপিট কাণ্ড।

উক্ত ঘটনাৰ পাছতে স্থানীয় লোকৰ অভিযোগ নিচামুক্তি কেন্দ্ৰটোত উপস্থিত হৈছিল দিশপুৰ থানাৰ আৰক্ষী। অভিযোগ অনুসৰি বিভাগীয় মন্ত্ৰীৰ ধমকলৈ কেৰেপ নকৰে নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰীগৰাকীয়ে।

আনহাতে কেন্দ্ৰটোত থকা আবাসীসকলক শাৰীৰিক,মানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ আছে । উল্লেখ্যে যে কিছুদিন পূৰ্বে 'পিচ ৱেলনেছ' নামৰ কেন্দ্ৰটোত উপস্থিত হৈছিল বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰীকা।

Also Read: হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চাকমা, হাজংক অসমত সংস্থাপিত কৰাৰ ভুৱা প্ৰচাৰ চলাইছে- কিৰেণ ৰিজিজু

De-addiction Centre pijush hazarika