ড০ শিৱনাথ বৰ্মনৰ প্ৰথম মৃত্যু দিৱস উপলক্ষে 'বিজ্ঞান আৰু অন্ধ বিশ্বাস’ শীৰ্ষক স্মাৰক বক্তৃতাৰ আয়োজন

ড০ শিৱনাথ বৰ্মনৰ প্ৰথম মৃত্যু দিৱস উপলক্ষে 'বিজ্ঞান আৰু অন্ধ বিশ্বাস’ শীৰ্ষক স্মাৰক বক্তৃতাৰ আয়োজন

ডিজিটেল সংবাদ,গুৱাহাটী : বিশিষ্ট শিক্ষাবিদ,লেখক,বিশিষ্ট সাংবাদিক তথা সমাজ বিজ্ঞানী ড০ শিৱনাথ বৰ্মনৰ প্ৰথম মৃত্যু দিৱস উপলক্ষে অহা ১৭ ডিচেম্বৰ দেওবাৰে এক স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে। স্মাৰক বক্তৃতাৰ বিষয় হৈছে 'বিজ্ঞান আৰু অন্ধ বিশ্বাস’।

উক্ত অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট শিক্ষাবিদ ড০ পৰমানন্দ মহন্তই। মহানগৰীৰ লক্ষীৰাম বৰুৱা সদনত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অনুষ্ঠানত 'শিৱনাথ বৰ্মনঃ স্মৃতি আৰু কৃতি’ শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰা হ’ব। আয়োজক সমিতিৰ হৈ এই অনুষ্ঠানত সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনাইছে সম্পাদক শৈলেন বৰকটকীয়ে।

ড০ শিৱনাথ বৰ্মনৰ প্ৰথম মৃত্যু দিৱস উপলক্ষে 'বিজ্ঞান আৰু অন্ধ বিশ্বাস’ শীৰ্ষক স্মাৰক বক্তৃতাৰ আয়োজন
'স্মৃতিপটত হীৰুদা'ৰ দ্বিতীয় সংস্কৰণৰ উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in